সময়--
দুৰ্বাৰ গতিৰে তই ধাৱমান
উভতি নোচোৱাকৈ।
জানো,
অজুহাত নাথাকে একো
তোক ধৰি ৰাখিব পৰাকৈ।
পোৱা-নোপোৱাৰ হিচাপ বিচাৰি
বিচাৰোঁ তোৰ সাঁচ
সোঁৱৰণিৰ দলিচাত।
জীৱনৰ অবিচ্ছিন্ন জটিল স্বাক্ষৰ
গাঁথি দিব নোৱাৰোঁ তোৰ বোকোচাত--!
কলিজাৰ নদীখন ৰঙা হৈ বৈ থাকিলেও
উশাহবোৰ ঘন হৈ গ'লেও
তোৰ নাথাকে কাৰোলৈ প্ৰতীক্ষা ।
তই পলকতে গুজি দিয়া হাঁহিবোৰ
কেতিয়ানো ম্লান পৰে
নাথাকে তাৰ কোনো ঠিকনা।
অমূল্য বুলি জানো তোক
তোৰ গতি যে অনিৰুদ্ধ তাকো জানো
তথাপি জীৱনৰ ৰঙবোৰ
আকৌ সজাবলৈ বিচৰাতো
ভুল জানো হ'ব?
শুকান ওঁঠত
হাঁহিৰ জোনাক সিঁচিবলৈ
তোক অকণমান ধৰি ৰাখিবলৈ কৰা চেষ্টাত
অপৰাধ হয় নেকি বাৰু ?
নিয়তি বুলি হাঁহি হাঁহি
গ্ৰহণ কৰা তোৰ উপহাৰেৰে
জীৱনৰ কাঁইটীয়া পথত
আৰু কিমান খাম উজুটি !
নিৰ্দয় নহ'বি সময়
মাথোঁ এবাৰ--মাথোঁ এবাৰ
ফুটাই দে ওঁঠৰ সুহুৰি
হাঁহি-কান্দোনৰ অমিয়া সুৰেৰে
গাই যাম জীৱন গীতি...।
✍️আয়নাল হক চৌধুৰী
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ