আবেলি বেলিটিৰ ডুবিবৰ হ'ল
খিৰিকীৰ কাষৰ টেবুলখনত বহি
ৰেদিঅ'টিয়ে গীত গাইছে;
"কৰে এজাক সপোন যেন বৰষুণ"
সেই গীতৰ মধুৰ স্বৰত যেন
কলীয়া মেঘ গৰজি আজি
বৰ্ষাৰ ৰূপত ধৰালৈ নামিছে!!
উকা কাগজখনিত
কলমৰ চিঞাহীৰে সজাই
শব্দৰে পূৰ্ণতা দিবৰ মন।
কিন্তু,
শব্দবোৰে যেন লুকা ভাকু খেলিছে
তেওঁৰ ভাৱনায়ে মনটোক পুনৰ বান্ধিছে।।
তেওঁ আতৰি যোৱাৰ বহু দিনেই হ'ল
তথাপি,
তেওঁৰ স্মৃতিবোৰ মোৰ কাষতেই ৰ'ল।
তেওঁৰ সেই প্ৰতিশ্ৰুতিবোৰ,
অবাধ্য চকুলোৰ যেন সহাঁৰি হ'ল।
কাৰণ প্ৰতিশ্ৰুতিবদ্ধ হৈও যে
তেওঁ মোৰ পৰা আঁতৰি গ'ল।
সেই দিনটোৰ ছবি আজিও মোৰ মনত আছে!
দিনতেই সেইদিনা অন্ধকাৰ হৈছিল।
মেঘে বজ্ৰপাত পেলাইছিল।
বৰ্ষাই মোৰ সতে চকুলো সৰাইছিল
চকুলোবোৰ লুকুৱাবলৈ
সেইবেলা বৰ্ষা যেন মোৰ সহাঁৰি হৈছিল।
মোৰ শব্দবোৰে লগ এৰিছিল
গাটো থৰ হৈ ৰৈছিল,
মাথো তেওঁৰ কথাকে সোঁৱৰি
সেই নিশাও মোৰ উজাগৰী হৈছিল।
নিজৰ মাজতে চকুলো সৰাই
নিজেই নিজকে বাৰে বাৰে বুজাই
ভগ্ন প্ৰতিশ্ৰুতিবোৰৰ আঁৰেৰে
মোৰ মনে আজি কবিতাৰ ভাষাৰে
তেওঁৰ কথাবোৰ পুনৰ সোৱৰাই!!
✍️অংকিতা বৰুৱা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ