কণ কবিতা- দিলীপ কুমাৰ শৰ্মা

©Admin
0
১/

ঘৰৰ ওপৰত 
আবেলি পৰত,
ভোল পাৰিবলৈ
উঠিল ভৰত। 

২/
শহাটো গৈ
নৰীয়া গাৰে
আনে অলপ
টকা ধাৰে। 

৩/ 
কুলি চৰাইটো
মহা পেটকুলি,
আনৰ টিফিন
দিনৌ চায় খুলি। 

৪/
বুলাই চোতালত
পাৰি লৈ কুলা,
ৰ'দত মেলিছে
চকলীয়া মূলা।

৫/
পানীৰামে নাখায়
চাহ-পানী টোপা,
কিয় বুলি সুধিলেই
চকু কৰে ঘোপা।

৬/
কাইলৈ খাম
বোকাখাতৰ পেৰা,
পাৰিলে তুমিও
আহিবা হেৰা।

৭/

ৰোমত দেখি
বিয়াগোম ঘৰ,
ৰোমানৰ হ'ল
দুয়ো চকু থৰ।

৮/
কুঢ়ি মাছ
বুঢ়ী হ'ল,
তাঁত জুৰি
ঠাইতে ৰ'ল।

৯/
মাছৰ চিকুণ
চলচলি মোৱা,
বাটতে পায়
আনো এপোৱা। 

১০/
ৰামশিয়ালে দিয়ে
বৰকৈ হোৱা,
সন্ধিয়া কৰিলে
শান্তি নোহোৱা।

১১/
লাজুকী লতাৰ
কিয় লাজ ইমান,
সোণটিয়ে সুধি
ঘোলা কৰে কাণ।

১২/

বিদ্যুতৰ তাঁৰত
ওলমি থকা নিয়ৰ,
তাকে চাই মুখৰ
মাত হৰিছে প্ৰিয়ৰ।

১৩/

তাঁতত হেৰালত
সূতাৰ আঁত,
তাঁতীৰ হৰিল
মুখৰ মাত।

১৪/
জীৱন যেতিয়া
শুকাই যায়,
আঙুৰে কিচমিচ
নামটো পায়। 

১৫/
ফৰিঙে জঁপিয়ায়
ৰিং মাৰি মাতি,
গাগিনীক থাউকতে
দিলে এটা ছাতি।

১৬/
ভেনত লগাই লৈ
দুখনকৈ ফেন,
ভেনামাখিয়ে কৰি
আছে ভেন ভেন। 

১৭/

কাকীৰ ল'ৰা
চিত্ৰকৰ লাকী,
ফাকি নিদি
আঁকে চাকি।

১৮/
পঢ়াত নিদি
অকণো ফাঁকি,
অকণে মাতিছে
কবিতা ফাঁকি।

১৯/

কৰি হ'লেও
ধাৰ টকা-সিকা
ফটিকে হেনো
খাবই ফটিকা।

২০/

কাউৰীয়ে কৰে 
কা কা কা,
সমনীয়াক কৈছে
সেইফালে চা।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)