মোৰ নাই ৰূপ, নাই সৌন্দৰ্য্য
চোতালৰ এচুকত মই ৰৈ থাকোঁ ;
উপেক্ষিতা উৰ্মিলাৰ দৰে।
মই বাঢ়নী,
মোৰ নাই ৰূপ,নাই সৌন্দৰ্য্য
মোৰ মুঠিবন্ধা প্ৰতিটো ভাঁজত
দুঃসহ শোকে খুন্দা মাৰি ধৰে !
মই বাঢ়নী,
মই অৱহেলিতা যুগে যুগে
বঞ্চিতা ,লাঞ্চিতা নৱ-বধূৰ দৰে ।
কিন্তু , যেতিয়া ৰঙচুৱা বেলিটি ওলায়
পূব আকাশৰ উজ্জ্বল বুকু ফালি
বা ধীৰে ধীৰে হেৰাই যায় কন্দনামুৱা বেলিটি
পশ্চিম নীলিমৰ দিগন্তৰ অটল এন্ধাৰত ;
তেতিয়া নৱ-বধুৰ কোমল হাতৰ মুঠিত
মোৰ আৰম্ভ হয় অভিনৱ নাচোন,
আৰু মোৰ ছৰ্ ছৰ্ ছৰাৎ বজ্ৰ শব্দ-ধ্বনি ।
নিমিষতে অন্তৰ্ধান হয় দম হৈ থকা জাবৰ-জোঁথৰ ;
ঘৰৰ ভিতৰ বাহিৰ হৈ পৰে ফৰিং ফুটা জোনাক ।
তথাপি মই আৰু লাজুকী নৱ-বধূজনী
এইখন ঘৰত সমানেই চকুৰ কুটা দাঁতৰ শাল !
মই বাঢ়নী,
মোৰ নাই ৰূপ,নাই সৌন্দৰ্য্য!
কিন্তু আছে মোৰ আত্ম-অভিমান ।
এতিয়া ধীৰে ধীৰে মোৰ বুকুত জ্বলিছে
প্ৰচণ্ড ক্ষোভ আৰু বিদ্ৰোহৰ অগ্নি শিখা!
দুৰ্ব্বাসা মুনিৰ দৰে মই অভিশাপ বিয়পাই দিম ;
বিস্মৃতিৰ গহ্বৰত নিমজ্জিত হওঁক অবিবেচক সমাজ !
বা প্ৰতিশোধৰ জ্বালাত উগ্ৰমূৰ্তি পৰশুৰাম সাজি
এফালৰপৰা পৰা কাটি মাৰি কৰি যাম ক্ষত্ৰিয় নিধন !
মই বাঢ়নী,
মোৰ নাই ৰূপ, নাই সৌন্দৰ্য্য ;
তথাপি আছে মোৰো জীয়াই থকাৰ প্ৰৱল বাসনা !!
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ