কণ কবিতা ••দিলীপ কুমাৰ শৰ্মা

©Admin
0
১/
গেলা গৰমত
ক'তনো ৰ'ম,
চোলাকে যেন
খুলি থ'ম।

২/
অসুৰৰ শিকি
গীতৰ সুৰ,
গৰম হৈছে
বোলে মূৰ।

৩/
মুখত তলৰ
চৰুৰ ছাই
নিগনিলৈ বোন্দা
থাকে বাট চাই। 

৪/
ভেনামাখিৰ
কেনা লাগি,
ঢেনা তামোলত
পৰিল আহি। 

৫/
আপীৰ মূৰত
হালোৱা জাপি,
বাৰান্দাতে থলে
কাপোৰ জাপি। 

৬/
দুয়োখন কুঠাৰ
দিয়া তিতাই,
পিতাই আনিলে
ভালকৈ পিটাই।

৭/
জানিবলৈ ভালকৈ
ধৰাৰ চাৰি-চুক
পালেই পঢ়িবা
ই-বুক সি-বুক। 

৮/ 
সৈৰন্ধ্ৰ সৈৰিকে
খেতিয়ককে বুজাই,
অভিধানখন চাওঁতে
আজি পালোঁ ভাই।

৯/
পঢ়ি শেষ হ'লে
সোণটিৰ আইতাকে,
কিতাপ আলমাৰীত
থয় ঠাকে ঠাকে।

১০/
কাপত চাহ
কাকে বাকে,
ছাকি চায়
কুলীৰ মাকে।

১১/

মেজত শোৱাৰ
আমেজেই দোছোৰা,
মাজে মাজে আহে
দুষ্ট পঁইতাচোৰা।

১২/
সোঁৱালু তলৰ
এডৰা আলু,
পহৰা দি কালি
নিশা কটালোঁ

১৩/
সোণবৰিয়ালৰ পাতত
টোকাপৰুৱাৰ পৰিয়াল,
কাৰোৰে লগত নাই
কোনো দ্বন্দ্ব-খৰিয়াল।

১৪/
কোনে নিলে
ঘড়ীৰ দণ্ড,
তাকে লৈ
বিৰাট দন্দ।

১৫/
কোন পাট কোন
ভৰিৰ মোজা,
পিন্ধোতে বাৰু
হয়নে দোমোজা?

১৬/

ৰজাই বজাওঁতে
হাত চাপৰি,
মহ এটা মৰিল
চেপাত পৰি। 

১৭/

জিঞাই বোলে
আজি মোৰ বিয়া,
সেয়ে নকৰোঁ 
আনেৰে কাজিয়া।

১৮/
মোৱা দৰিকণা
খলিহনা পুঠি,
সবৰে হাতত
একোখন পুথি।

১৯/

শৰৰ কৰি
সৰবৰাহ,
ধনী হ'ল
বনৰ বৰাহ। 

২০/

গঁড়ৰ মুখত
শুনি সাঁথৰ,
বনৰ জন্তু
লাগিল থৰ।  


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)