চৌদিশ চমৎকাৰ
খেপিয়াই ফুৰিছোঁ
আদৰৰ খোচনাত
অ'হো ,
নাই দেখোন তাত ?
কিবা এটা হেৰুৱাইছোঁ
প্ৰোথিত সম্পদ ,
অথবা এক শাশ্বত সত্য
মনত , হয়তো আৱেগত
এৰিব পাৰোঁ চলন্ত পথত
নহ'লেইবা জাহ যাব পৰে
পাহৰণিৰ গৰ্ভত !
মৃত্যু ভয়ানক !
তাতকৈও যন্ত্ৰণা
অপমান !!!
এৰা ,
কিনো আছে ,
হেৰুৱাবলে'
নাজানি নুবুজি মাথোঁ
দেহা কৰিছোঁ পানী
এক দেৱ , এক সেৱ
এক বিনে নাহি কেৱ
ৰাম ৰাম নামে
কৃষ্ণ কৃষ্ণ স্বৰে
কৰিছোঁ প্ৰতি নিয়ত
দেহ এৰাৰ জপ !
দ্বিতীয় পথ
যিদৰে সাপে মোট সলাই
আত্মাই সলাব দেহ
তিনি পদ ভূমিই যথেষ্ট
সমৰ্পিত হ'বলৈ ধৰিত্ৰীত !
ধন জন পুত্ৰ পৰিবাৰ
সমস্ত অসাৰ
কোননো আপোন
কোন যায় লগত
অন্যথা
চিৰ অমৰ আত্মা
কেৱল মাত্ৰ সাঁথৰ !!!
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ