বিষাদৰ দাগ••পিংকি শৰ্মা

©Admin
0
অভিমানবোৰ অভিমান হৈ থাকক
মই মাত্ৰ ভাল স্মৃতি হৈ থাকিব বিচাৰোঁ
কাৰোবাৰ হৃদয়ৰ মাজত....
বুকুৰ মাজত হেপাঁহৰ টোপালটো বান্ধুৰতেই
বিশ্বাসৰ বাটত আউল লাগিল....
খহি পৰিল তৰা ফুলিয়া সপোনজাক......
থানবান
হৈ.......
কেৰোন লগা হেপাহৰ টোপালত
মাত্ৰ সলনি হয়  আশা হেঁপাহৰ ৰং
হালধীয়া হাঁহিবোৰ ৰঙা হয়
বিষাদৰ দাগ লাগি
সাঁথৰ হৈ ৰয়
সেউজীয়া পদুলিৰ সপোন।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)