দোমোজা•• নিজৰা বৰ্মন ডেকা

Rinku Rajowar
0
পোৱা নোপোৱাৰ তুলাচনীত
ভৰি পৰে নোপোৱা খিনি
তথাপিও আশাবোৰ বাঢ়ে
পোৱাৰ মাদকতালৈ 
সুখ- দুখৰ যাত্ৰাপথত
দুখে দিয়ে আগভেটি 
দুখক বুকুত সাৱটি 
সুখবিচাৰি খাওঁ হাবাথুৰি।
আনন্দ -বিষাদৰ মায়াজালত
বান্ধ খায় বিষাদবোৰ
আনন্দক আকোঁৱালি ধৰি
বিষাদবোৰ থওঁ আজুৰি ।
হাঁহি আৰু কান্দোনৰ হেঁতাওপৰাত
কান্দোনৰ সুৰ বাজে অবিৰত
তথাপিও জীৱনৰ কাঁইটীয়া পথত 
হাঁহিৰ ফুল ফুলে শাশ্বত ৰূপত ।
সপোন আৰু বাস্তৱৰ সংমিশ্ৰনত
সপোন হয় সেউজবুলীয়া 
সপোন আছে বাবে বাস্তৱ হয় ধুনীয়া 
প্ৰাপ্তি-অপ্ৰাপ্তিৰ মাজেৰে পাৰ হয় জীৱন ডিঙৰা ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)