আজি তুমি মৌন কিয়•• বাস্তৱ বৰুৱা

Rinku Rajowar
0
আজি তুমি মৌন কিয়?
কিহৰ বাবেই এই মৌনতা?
মই মৌনতাৰ ভাষা বুজি নাপাওঁ,
কিন্তু, অনুভৱ কৰিব পাৰোঁ।
মৌনতাৰ পৃথিৱীখন সুন্দৰ হ'ব নোৱাৰে।

যদি জুৰিটি মৌন হৈ
          বৈ যোৱা হয়,
সেই জুৰিটিক লৈ কবিতা, গীত
          ৰচনাই নহ'ল হয়।
ৰঙীন হৈয়ো পৃথিৱীখন
         আন্ধাৰ হৈ পৰিলে হয়,
পৃথিৱীখন মৌন হোৱা হয়,
     জন্মদাত্ৰী মাতৃৰ নিজৰ 
        কেঁচুৱাটোৰ প্ৰতি,
             মোহ নাথাকিল হয়।
পৃথিৱীখন মৌন হোৱা হয়
        মানুহৰ অস্তিত্বয়েই নাথাকিল হয়,
অস্তিত্ববিহীন পৃথিৱীখনত
        মৰম, ভালপোৱা, আৱেগ,
            অভিমান, অনুভূতি,
               এইবোৰৰো জানো অস্তিত্ব
                        থাকিল হয়?
কিন্তু, পৃথিৱীখন মৌন নহয়,
      ইয়াত মৌণতাৰ স্থান আছে,
                         যদিও, কিঞ্চিৎ......!

তথাপিও তুমি আজি মৌন কিয়?
       ইয়াৰ উত্তৰ হয়তো তুমি,
             দিব নোৱাৰিবা।
কিন্তু, মই জানো
        তোমাৰ মৌনতাৰ কাৰণ,
তোমাৰ মৌন ওঁঠৰ ভাষা 
         মই বুজি পাওঁ।
         
যেতিয়া মানুহ বাস্তৱৰ সন্মুখীন
            হ'ব নোৱাৰে ,
 তেতিয়ায়ে মৌনতাক 
            আঁকোৱালি লয়, 
  হয়তো তুমিও বাস্তৱৰ 
           পৰা আঁতৰি,
                মৌনতাক আকোঁৱালি লৈছা।
       

মৌনতাৰ পৃথিৱী ভাল নাপাওঁ যদিও,
          মইয়ো মৌনতাকে 
                আঁকোৱালি লʼব লাগিব।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)