বিক্রেতা বিহীন বজাৰ - চুমিন্দ্ৰ চৌধুৰী

©Admin
0
*বিক্রেতা বিহীন বজাৰ*
 বি:দ্ৰ:  বিহংগম দৃষ্টিত মিজোৰাম নামৰে প্ৰকাশিত হোৱা মোৰ প্ৰথম উপন্যাসখনে পাঠকৰ অভূতপূৰ্ব সঁহাৰি লাভ কৰাৰ পাছত অধিকাংশ পাঠকে কিতাপখনৰ কাহিনীটোৰ দ্বিতীয় খণ্ড এটাও লিখিবলৈ পৰামৰ্শ দিছিল।  তাৰেই পৰিপ্ৰেক্ষিতত বিহংগম দৃষ্টিত মিজোৰাম উপন্যাস খনৰ কাহিনীভাগক সম্প্ৰসাৰণ কৰি "বিক্ৰেতা বিহীন বজাৰ" নামেৰে উক্ত উপন্যাস খন নতুন ৰূপত অহা গ্ৰন্থ মেলাত মণিকূট প্ৰকাশনে পাঠকৰ হাতত তুলি দিব। 
কিতাপখন পাঠকে আদঁৰি ল'ব বুলি আশা কৰিছো। 

ধন্যবাদেৰে-
চুমিন্দ্ৰ চৌধুৰী,
সাহিত্য অভিযন্তা
নয়ডা, উত্তৰ প্ৰদেশ। 

#কাহিনীৰ আৰম্ভণি#

       প্ৰায় দুঘন্টামান সময় পাহাৰীয়া অকোৱা পকোৱাপথটোৰে যাত্রা কৰাৰ পাছত অভিনন্দনহ'ত গৈ থকা বাছখন হঠাৎ চালকজনে ৰাষ্টাৰ কাষত ৰখাই দিছিল। চালকজন জনে গাড়ীৰ খিৰিকীখনেৰে কাৰোবাৰ লগত মিজো ভাষাত কিবা কথা বতৰা পতা শুনি  ইমান সময় ধৰি মৃগনয়নী আৰ জুৱালীৰ ভাৱনাত বিভোৰ হৈ আহি থকা অনুৰাগে হাতৰ  ঘড়ীটোলৈ চাই  দেখিলে  সন্ধিয়া সাত বাজিছে। সি গাড়ীখনৰ সোঁহাতৰ  খিড়িকীখনেৰ বাহিৰলৈ জুমি চাই ষ্ট্ৰিটলাইটৰ পোহৰত দোকানৰ চাইনবৰ্ড এখন পঢ়ি ঠাই টুকুৰাৰ নাম হ্নাথিয়াল বুলি জানিব পাৰিছিল। অনুৰাগে খিড়িকীখন সামান্য ঠেলি ডিঙিটো বাহিৰলৈ উলিয়াই দিয়াৰ লগে লগে দেহা শিৰশিৰাই যোৱা মেঘাচন্ন বতাহ এচাতি ভিতৰলৈ সোমাই আহিছিল।  ততাতৈয়া কৈ খিড়িকীখন জপাব লওতেই ড্ৰাইভাৰ জনে দুজন মিজো আৰক্ষীৰ লগত কথা পাতি থকা দেখি পোনচাটেই সি অসমত সচৰাচৰ দেখাৰ দৰে তেওঁলোকে ড্ৰাইভাৰজনৰ পৰা টকা সিকা বিচাৰিছে বুলি মনতে ভাবিছিল। কিন্ত সি ভবাৰ দৰে তেনেকুৱা ঘটা নাছিল যদিও হঠাত আৰক্ষী দুইজন বাছখনৰ ভিতৰলৈ সোমাই আহিছিল। 
     স্থানীয় মিজো আৰক্ষী দুজন বাছখনলৈ উঠি অহাৰ লগে লগে বাছৰ সকলো যাত্রীয়ে কৌতুহল পূৰ্ণ দৃষ্টিৰে তেওঁলৈ চাইছিল। ঠিক সেই সময়তে ইমান সময় ধৰি টোপনিত লালকাল দি অহা পাণ্ডেই ঘকমককৈ উঠি  অনুৰাগৰ ফালে চাই প্ৰশ্ন কৰিছিল,  "চাৰ , বাছখন চাহ খাবলৈ খন ৰখাইছে নেকি?"
হঠাত পাণ্ডেৰ প্ৰশ্ন শুনি অনুৰাগে চকুৰ ঠাঁৰেৰে পাণ্ডেক বাছখনলৈ উঠি আহি থকা মিজো আৰক্ষী দুজনলৈ ইংগিত কৰিছিল। 

বাছখনৰ ভিতৰলৈ আহিয়েই অলপমান বয়সীয়াল আৰক্ষীজনে মিজো ভাষাত কাপু আৰু কাপি বুলি বিৰিঙ বাৰাঙ কৈ এফালৰ পৰা কিবা কিবি ক'ব ধৰিছিল। বাছখনৰ যাত্রী সকলে নীৰৱে অত্যন্ত মনোযোগ সহকাৰে আৰক্ষীজনে কৈ যোৱা কথাখিনি শুনি গৈছিল।  তাৰ মাজতে অৱশ্যে দুই  এজনে এহ্হে, এহ্হে,  অহ মাই গড  আদি শব্দ উচ্চাৰণ কৰি বিস্ময়কৰ মন্তব্য কৰাৰ বাবে অনুৰাগৰ মনৰ উদ্বেগ ক্রমাত বাঢ়িব ধৰিছিল। তেওঁলোকৰ মুখৰ ভাৱ ভংগীমাত অনুৰাগে  কিবা যেন  অনাকাংক্ষিত বিপদৰ উমান পাইছিল।  দুই এটা লাগতিয়াল শব্দৰ বাদে পাণ্ডে আৰু অনুৰাগে  মিজো ভাষা একেবাৰেই বুজি নাপায় । সেয়েহে উপায়ন্তৰ হৈ  চুপচাপ বহি মনোযোগেৰে দুয়োটাই মাত্র আৰক্ষী দুজনৰ মুখলৈ চাই আছিল।  এবাৰ দুবাৰ বয়সীয়াল আৰক্ষীজন অনুৰাগৰ চকুৱে চকুৱে পৰাত আৰক্ষীজনে ভাই ভাই বুলি দুই এষাৰ কথাও মিজো ভাষাতে কৈছিল।  
মিজো সকলে নিজৰ মাজত কথা পাতিলে অসমীয়া, বঙালী,  নেপালী,  বিহাৰ  আৰু মাৰোৱাৰী আদি লোকসকলক ভাই বুলি উল্লেখ কৰে। ভাই অৰ্থাত সমতলবাসী। চেত্ৰীয়ে কোৱাম'তে  অসমৰ শিলচৰৰ সীমা কাষৰিয়া মিজোৰামৰ সৰু চহৰখনক সেইকাৰণে ভাইৰেঙটে অৰ্থাৎ সমতলবাসী থকা ঠাই বুলি কোৱা হয় । যেতিয়া আৰক্ষীজনে ভাই ভাই বুলি কথাৰ মাজত  উল্লেখ কৰিছিল তেতিয়া বাছখনৰ আন যাত্রী সকলে অনুৰাগ আৰু পাণ্ডেৰ ফালে কৌতুহল পূৰ্ণ দৃষ্টিৰে চাইছিল। সেয়েহে আৰক্ষী গৰাকীয়ে ভাই ভাই বুলি দৰাচলতে অনুৰাগহতঁকে উল্লেখ কৰিছিল বুলি সি খাটাং কৈ বুজিছিল।  
মিজো আৰক্ষীজন বাছখনৰ পৰা নামি যোৱাৰ লগে লগে সকলোবোৰ যাত্রীয়ে তেওঁক অনুসৰণ কৰি বাছখনৰ পৰা নামি যোৱাত অনুৰাগ আৰু পাণ্ডে কিংকৰ্তব্য বিমোৰ হৈ পৰিছিল।  সিহঁত দুয়োটা থমথমকৈ বহি থকা দেখি অনুৰাগহতঁৰ পাছৰ যাত্রী আসনত বহি অহা  প্ৰায় ষোল্ল বছৰ মান বয়সৰ মিজো লৰা এটাই অনুৰাগৰ হাতৰ বাউসীত ধৰি কৈছিল,  কাপু পুলিচ কৰো। 
ভঙা ভঙা হিন্দীত মিজো যুবকজনৰ কথা শুনি অনুৰাগ আৰু পাণ্ডে দুয়োটাই বাকী যাত্রী সকলৰ লগত বাছখনৰ পৰা নামি আহিছিল। 
মনৰ কৌতুহল দমাই ৰাখিব নোৱাৰি অনুৰাগে মিজো লৰাজনক হিন্দীতে  আৰক্ষীজনে কিহৰ বাবে যাত্রী সকলক বাছখনৰ পৰা নামি নামি যাব দিছে বুলি প্ৰশ্ন কৰিছিল?

কাপু, আইজল  মে গৰবৰ, পুলিচ কৰো পুলিচ কৰো। লৰাজনে কথাখিনি কৈয়েই কোবা কুবি কৈ আগবাঢ়ি গৈছিল। 
লৰাজনে কৈ যোৱা কথাখিনিৰ পৰা অনুৰাগে সাংঘাতিক কিবা এটা বিপৰ্য্যয় ঘটিছে বুলি উমান কৰিব পাৰি পাণ্ডেৰ মুখলৈ চাইছিল। 
পাণ্ডেই তাৰ মনৰ পৰিস্থিতিৰ উমান পাই কৈছিল,  চাৰ আগত কিবা গাড়ী মটৰৰ এক্সিডেন্ট হৈছে নেকি ? ব'লকছোন থানালৈ গলেই উৰহী গছৰ ওৰ ওলাব । মানুহবোৰক সুধি লাভ নাই।  কাৰণ মিজো সকলৰ এটা বৈশিষ্ট্য হৈছে তেওঁলোকে কথা এটা খৰচি মাৰি নজনালৈকে আনক ক'বলৈ দ্বিধাবোধ কৰে। 
বাহিৰত দি থকা কিনকিনীয়া বৰষুণৰ সৈতে গালে মুখে কোবাই যোৱা ঠাণ্ডা বতাহ জাকত অনুৰাগৰ গা শিৰশিৰাই   গৈছিল। ঠিকেই কৈছা বুলি সহমত জনাই অনুৰাগে পাণ্ডেৰ কান্ধত হাতখন থৈ বাকী সহযাত্ৰী সকলৰ সৈতে  হ্নাথিয়াল ভেংলাই ( বজাৰ)ৰ একোনত থকা থানা খনলৈ খোজ ধৰিছিল।  

( আগলৈ )

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)