দুখৰ অৰণ্যত এদিন
সেউজীয়া সপোন লৈ,
সুখৰ এপাহ ফুল হৈ
তই ফুলিছিলি।
তোৰ এটি কলি দুটি
পাততে লিখা আছিল
সেউজী সপোনৰ মন্ত্ৰ।
তোক দেখি কবিৰ মনৰ বাগিছাত
গজি উঠিছিল কবিতাৰ এটি কলি দুটি পাত।
তই আছিলি প্ৰস্ফূটিত এপাহ ফুল,
লাহি আঙুলিৰ পৰশ যেন তোৰ পাহি
অবুজ তাড়নাত মতলীয়া আছিল।
তোৰ আছিল, ঠিকনা বিহীন প্ৰেম।
প্ৰেমৰ ভাবনাই তোলৈ
মৰম পথাৰত কলিজা সিঁচিছিল,
ৰʼদালিয়েও চৌদিশে তোৰেই
ছাঁয়ালিপি আঁকিছিল।
কিন্তু তই সুখৰ ফুল হৈ থকাটোৱেই কাল হʼল।
তই সুখৰ ফুল হৈ কিয় ফুলিলি?
ফুল হৈ যি ফুলিলি,
আয়ুস হেনো তোৰ উকলিল।
নিষ্ঠুৰ মানৱে তোক কৰিলে ধ্বংস
তোৰ সৰলতাৰ সুযোগ লʼলে,
মুখা পিন্ধা এচাম লোকে।
মানৱৰূপী দানৱৰ ছাল ছলনত
আজি যেন তই কবৰৰ তলত।
তোৰ দুখ বুজিব কোনে?
'হাতো নেমেলিবি ফুলো নিছিঙিবি'
বুলি কʼবলৈ তইতো তেজীমলা নহ'লি!
সকলোৱে জানে,তই ধুনীয়া ফুল
নাজানে মাথোঁ ফুল ছিঙাটো যে মাৰাত্মক ভুল।
অ' মোৰ প্ৰকৃতিৰ সেউজীয়া মাধুৰী
দুটোপাল অশ্ৰুৰে জনাইছোঁ তোক শ্ৰদ্ধাঞ্জলি।
তই চিৰদিন সপোনৰ কল্পনাৰ সাগৰত ফুলি থাক, স্বৰ্গৰ পুষ্প কানন হৈ।
✍️দেৱজিত বৰুৱা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ