: ঐ, কুলি এইবাৰ মোৰ লগত বিহু নাচিব যাবি ন ? সৌ বাৰীখনৰ পৰা মই তোলৈ দীঘলকৈ ধুনীয়া কপৌফুল আনিছোঁ। চাচোন কেনেকুৱা লাগিছে । তোৰ নেঘেৰি খোপাত কপৌফুল পাহে ধুনীয়াকৈ শুৱাব । চাও এই পিনে আহনা । এবাৰ তোৰ খোপাত লগাই দি চাওঁ কেনেকুৱা দেখি ।
: ঐ , তই গলিনে মোৰ আগৰ পৰা । প্ৰথম কথা -মোৰ নাম কুলি নহয় "কুঁৱলী " আৰু দ্বিতীয় কথা তই অনা কপৌফুলৰ বাবে মই ৰৈ থকা নাই ? নেলাগে মোক তোৰ কপৌ ফুল। চাও আঁতৰি যা।
মই এইবোৰ ভাল নাপাওঁ ।
:অ ...অভিমানী কুঁৱলী । ঠিক আছে বাৰু তোক কুৱলী বুলি মাতিম । আৰু ক চোন মই কি তই বেয়া পোৱা কাম কৰিলোঁ। তই যে কলি এইবোৰ বেয়া পোৱা বুলি।
: তই যে মোৰ পিছে পিছে লাগি থাক । এইবোৰ ভাল নাপাওঁ মই। আৰু এইবাৰ মই নাচিলে তই গান নাগাবি । বেলেগে গাব ।
: কিয় ....? মই গালেনো কি হয় । সকলোৱে দেখো মোৰ গান শুনিবলৈ ৰৈ থাকে। তইনো কিয় বেয়া পাৱ । সৰুৰেপৰাই তোৰ লগতেই মঞ্চত বিহু নাচি আহিছোঁ। এইবাৰ আকৌ কি হ'ল তোৰ ?
: মই নাজানো। কিন্তু তই মোৰ পিছত লাগি নাথাকিবি ।
: ঠিক আছে দে । তোৰ আগত আহিলোঁ । পিছত নাথাকো।
:যা ও এইডাল । মই কলো কিবা সি বুজে কিবা । মা-ই কৈছে যে - মই এতিয়া গাভৰু হৈছোঁ । ল'ৰাৰ লগত ঘুৰি থাকিব নালাগে। সেয়ে তোক কৈছোঁ মোক মাতি নাথাকিবি । এনেও মই ল'ৰাৰ লগত কথা পাতি ভাল নাপাওঁ।
: কিন্তু মই যে তোৰ লগত কথা পাতি ভাল পাওঁ, একেলগে বিহু নাচি ভাল পাওঁ। সেই বাবে বিহুৰ আখৰা কৰিবলৈ আগতীয়াকৈ আহিলোঁ । তইটো জান মই মোমাইৰ ঘৰত থাকোঁ । একমাত্ৰ তোৰ বাবে আহিছোঁ। বিহু লৈ বেছি দিন নাই। আৰু তই নাচিলে মই যদি গান নাগাওঁ তেতিয়া তই পুৰস্কাৰ নাপাবি । তই পুৰস্কাৰ নাপালে মোৰ ভাল নালাগে।
:তোৰ ভাল লগাবলৈ মোৰ কি গৰজ পৰিছে ? মুঠৰ ওপৰত মই নাচিলে তই নাগাবি।
: কি গৰজ পৰিছে বুলি কৈছ ন। এদিন বুজিবি ৰ । এতিয়া সৰু আছ । মুঠৰ ওপৰত মই গোৱা তই নাচিব লাগিব। আজি আবেলি ৰাধানাথ ককাইদেউ হতৰ ঘৰত হ'ব আখৰা । আহিবি। মই বাৰু তোক নামাতো তাত। তই আহিবি কিন্তু।
কুৱলীক তাতে এৰি আকাশ ঘৰলৈ গ'ল। দুখীয়া পৰিয়ালৰ ল'ৰা আকাশ । দেউতাকে দিন হাজিৰা কৰি কিবাকৈ চলি আছে । তাৰ বুদ্ধি ভাল বাবে মোমায়েকে পঢ়োৱাৰ দায়িত্ব লৈছিল। আৰু তাক মোমায়েকৰ লগতে ৰাখিছে । প্ৰতিবছৰে ব'হাগ বিহুৰ আগতে সি ঘৰলৈ আহে । আৰু কুৱলীৰ লগত বিহু নাচে । ওচৰ চুবুৰীয়া গাওঁলৈও নাচিবলৈ যায় সিহঁতৰ দলটো। সকলোতে পুৰস্কাৰ পায় যদিও সিহঁতৰ দলৰ ল'ৰা ছোৱালী প্ৰয় সৰু । আকাশৰ গানত সকলো মুগ্ধ হয় । সকলোতে সি শ্ৰেষ্ঠ গায়ক আৰু ঢুলীয়াৰ সন্মান পায় । বহুত ছোৱালী ৱে তাক মাতিবলৈ অজুহাত বিচাৰে। কিন্তু সি কুৱলী মাতাটোহে মনেপ্ৰাণে বিচাৰে । কিন্তু কুৱলী কিয় তাক বেয়া পায় সি নুবুজে । মাত্ৰ তাৰ বিশ্বাস এদিন তাই তাৰ মনোভাৱ বুজি পাব ।
লাহে লাহে বিহুৰ দিন ওচৰ চাপি আহিল । পূৰ্ণগতিত বিহুৰ আখৰা চলি থাকিল। কুঁৱলীৰ নাচ দিনেক দিনে উন্নত হৈ আহিল। আকাশৰ ভাল লাগিল। তাই নিশ্চয় এইবাৰ লতাশিলত হোৱা কুঁৱৰী প্ৰতিযোগিতাত প্ৰথম হ'ব পাৰিব । কাৰণ এইবাৰ তাই গাভৰু হৈছে যেতিয়া কুঁৱৰী নাচিব পাৰিব । ওখই পাখই ডাঙৰ ছোৱালী যেন লাগে। কুৱলী অষ্টম শ্ৰেণীত পঢ়ে কিন্তু ক্লাছ দশমৰ ছাত্ৰী যেন লাগে।
আকাশ এইবাৰ দশম শ্ৰেণীৰ ছাত্ৰ। গতিকে সি ভালকৈ পঢ়িব ও লাগিব। মাক-দেউতাক আৰু মোমায়েকৰ আশা পুৰণ কৰিব লাগিব। চাওঁতে চাওঁতে বিহু আহি পালে । কুৱলী যিমান খন মঞ্চত বিহু নাচিচে আৰু আকাশে তাইৰ নাচত গান গাইছে সকলো দৰ্শক মোহিত হৈ পৰে আৰু কুৱলী সকলোতে প্ৰথম স্থান লাভ কৰে। লতাশিলত হোৱা কুঁৱৰী প্ৰতিযোগিতাত তাইৱে বিহুকুৱৰী হ'বলৈ সক্ষম হৈছে।
কুঁৱলীৱে যদিও আকাশৰ পৰা আতৰি থাকে বেছিকৈ মাত বোল নকৰে তথাপিও তাৰ লগত আন ছোৱালী কথা পতা দেখিলে তাইৰ বুকুখন বিষায় । তাই কিন্তু নাজানে কিয় এনেকুৱা হয় । আৰু বিহুৰ শেষত সি মোমায়েকৰ ঘৰলৈ যাব ওলাল । যোৱাৰ আগতে কুঁৱলীক মাত লগাবলৈ গ'ল। সি লক্ষ্য কৰিলে যে তাক বেয়া পোৱা ছোৱালী জনীৰ চোন চকুৰ কোনত অশ্ৰু জিলিকি উঠিল । সি তাইক সুধিলে কিয় কান্দিছ বুলি। তাই কিন্তু সঁচা
কথা নক'লে। চকুত কিবা পৰা বুলি কৈ তাক বিদায় দিলে।
আকাশ গুচি গ'ল মোমায়েকৰ ঘৰলৈ। গৈয়ে সি পঢ়াত লাগি গ'ল। এইফালে কুঁৱলীও পঢ়াত মনোযোগ দিলে । আঙুলিৰ ফাঁকেৰে সময় বাগৰি গ'ল। আকাশে হাইস্কুল শিক্ষান্ত পৰীক্ষা দি পুনৰ বিহুৰ আগে আগে ঘৰলৈ আহিল। আহিয়েই কুঁৱলীক লগ কৰিবলৈ গ'ল আৰু কুঁৱলীৰ ঘৰৰ পদুলীত চাইকেলৰ টিলিঙা বজাই দিলে । কুঁৱলীৱে তাৰ কথাকে ভাবিছিল । কাৰণ বিহুলৈ সময় বেছি দিন নাই। চাইকেলৰ শব্দ শুনি তাই খিৰিকীৰে চাই তাক দেখি পদূলীলৈ ওলাই আহিল । এইবাৰ তাক তাই কেতেৰা মাতেৰে মতা নাই । অলপ লাজকুৰীয়া চাৱনিৰে চাই অভিমানৰ সুৰত ক'লে -
: গাওঁ লৈ আহিলেহে তোৰ আমালৈ মনত পৰে । চহৰীয়া মোমায়েৰৰ ঘৰত থাকিলে আমি গাওঁলীয়া বোৰক পাহৰি যোৱা।
:কি কোৱা ও কুঁৱলী । তোলৈ মনত নপৰে মোৰ । পৰে ও কুঁৱলী , তোলৈ সদায়ে মনত পৰে । মাত্ৰ পঢ়াৰ তাগিদাত কালৈকো সময় দিব পৰা নাই। ভাল ফলাফল দেখুৱাব নোৱাৰিলে মাক-দেউতাক আৰু মামাই বেয়া পাব । সেয়ে একেবাৰে পৰীক্ষা শেষ কৰি
আহিছোঁ। এই কেইদিন সদায় তোৰ লগত বিহুৰ আনন্দ
ল'ম দে । তইটো নাজান মোৰ পৰা তই দূৰণিত থাকিও সদায় মোৰ বুকুৰ ওচৰতে থাক। তোৰ বাৰু মোলৈ মনত পৰনে ?
: পৰেটো ।কিয় নপৰিব । তোৰ বাবে ইমান পুৰস্কাৰ পাইছোঁ ।
:একেবাৰে সৰু থাকোঁতেই দুয়ো যে মানুহৰ ঘৰে ঘৰে গৈ বিহু নাচিছিলোঁ তোৰ মনত
আছেনে? নাচি থাকোতে যে মেখেলাত উজুটি খাই পৰি তই কান্দি দিছিলি,আজিও মোৰ মনত পৰিলে হাঁহি উঠি যায়।
: মই পৰি দুখ পাই কান্দিছিলোঁ আৰু তই হাঁহিছিলি । মোৰ যে কিমান খং উঠিছিল।
: হাঁহিলেও তই দুখ পোৱা ঠাইত মই পিহি দিছিলোঁ নহয় । তেতিয়া লগৰবোৰে যে জোকাইছিল । মতই পাহৰিলেও মোৰ বাৰুকৈয়ে মনত আছে ।
:মোৰো মনত আছে । কেনেকৈ পাহৰো ভাল লগা স্মৃতি।
এইদৰে কথা পাতি দুয়ো ঘৰাঘৰি গ'ল। বিহু আহিল বিহু গ'ল। আকাশে চাকৰি পালে আৰু কুঁৱলীক সোনকালেই উভতি অহাৰ প্ৰতিশ্ৰুতি দি গ'ল। এদিন আকাশক দেখিলে খং উঠা কুঁৱলীৰ অন্তৰত আজি আকাশে নিগাজীকৈ বাস কৰিব ধৰিলে। দুখ-
বিষাদৰ টোপোলা বুকুত বান্ধি কুঁৱলী সোমাই পৰিল আকাশৰ বুকুৰ মাজত। কিমান ভাল
পাই তাক তাই কিন্তু বুজি নাপায়। তাৰ মাজত বিচাৰি পায় তাই বসন্তৰ
সুবাস। সি ঢোল বজাব নাজানে যদিও ঢোল লৈ গান জুৰিলে নাচি উঠে তাইৰ দেহ-মন । সি ওচৰত থাকিলে তাইৰ ভাল লগা হ'ল। অভাবৰ মাজেৰে ডাঙৰ হোৱা আকাশৰ বাবে
চাকৰিটো খুবেই প্ৰয়োজন আছিল। কাৰণ মাক -দেউতাক আৰু ভনীয়েক সুখত ৰাখিবলৈ এটি চাকৰিৰ বৰ প্ৰয়োজন। সেয়ে কুঁৱলীৱে তাক চাকৰিত যোগদান কৰিবলৈ অনুমতি দিয়ে।
চাকৰি কৰা এবছৰ হ'ল। কুঁৱলীও ডিগ্ৰী ল'লে। আৰু B.Ed ত নামভৰ্তি কৰে।
ধৰালৈ পুনৰ বসন্তৰ আগমন হ'ল। কুঁৱলী আকাশৰ কথা ভাবি থাকিল । কাৰণ সি আহিব বিহুলৈ । তাইৰ সৈতে পুনৰ নাচিব মঞ্চত।
এইদৰে ভাব সাগৰত ডুবি থাকোঁতে হঠাতে আকাশৰ ফোন আহিল -
: হেল্ল , কুঁৱলী ভাল নে তোৰ?
: তোৰ অবিহনে কেনেকৈনো ভাল হ'ব। সোনকালে আহনা ।
: এটি ভাল খবৰ কুঁৱলী। এইবাৰ মোৰ দৰমহা বাঢ়িব।
এই বঢ়া টকা খিনি জমা কৰি অহা বছৰ ব'হাগতেই আমি বিয়া খন
পাতি পেলাম নে কি কোৱা ?
: হব দে, আগতে জমা হোৱা টকাৰে ঘৰটো ঠিক কৰি লবি। খুৰিদেউৱে তোৰ মুখলৈকে বাট চাই আছে। বিয়াখন একেবাৰে সাধাৰণ কৈ পাতিলেও হ'ব।
: তোক বিয়াত কিবা টো দিব লাগিব । সেয়ে মই ভাবিছো তোক এসাজ মুগাৰ আৰু এসাজ পাটৰ কাপোৰ দিম। আৰু এপাট সোণৰ চেইন দিম সদায়ে পিন্ধি থাকিবি ।
: নালাগে ও মোক মুগাৰ আৰু পাটৰ কাপোৰ। তই দিয়া যিকোনো কাপোৰেই মোৰ বাবে প্ৰিয়। সোণৰ গহনাৰ সলনি অসমীয়া গহনা দিলেও হ'ব । তই মোৰ লগত চিৰদিন থাকিলে হ'ল। বয় বস্তু নো কিয় লাগে ও? সৰুৰে পৰা তোৰ লগত খেলি ডাঙৰ হৈ কেতিয়া যে আমাৰ মাজত ভালপোৱা নামৰ
শব্দটোৱে বান্ধ খালে সঁচাকৈ মই চোন গমেই নাপালোঁ। দুয়ো একেলগে কিমান বিহু নাছিলোঁ। এতিয়া যে তই নোহোৱাৰ অভাব মই
বৰকৈ অনুভৱ কৰোঁ।
সেই বছৰো দুয়ো বিহু নাচি শ্ৰেষ্ঠ ঢুলীয়া আৰু শ্ৰেষ্ঠ
বিহুৱতীৰ খিতাপ পালে। আৰু আকাশৰ ছুটী শেষ হৈ আহিল। সি অহা বছৰ বিয়া পতাৰ প্ৰতিশ্ৰুতিৰে চাকৰিলৈ উভতি গ'ল। নতুন বছৰটো নতুন নতুন আশাৰে আগবাঢ়িল। কুঁৱলীৱে ব্যক্তিগত খণ্ডৰ বিদ্যালয় এখনত শিক্ষয়িত্ৰী হিচাপে যোগদান কৰে।
আকাশে প্ৰতিশ্ৰুতি দিয়া মতে দুয়োৰে বিবাহ হ'ল যদিও চাকৰিৰ তাগিদা শাহু -শহুৰক চোৱা চিতা কৰাৰ বাবে তাই যাব নোৱাৰিলে আকাশৰ লগত। পৰা আঁতৰি থকাৰ দুখ এটা তাইৰ বুকুত থাকি গ'ল। লাহে লাহে গাঁওতেই তাই স্কুল, ঘৰ লৈ ব্যস্ত হৈ পৰিল । সিহঁতৰ বৈবাহিক জীৱনৰ সাক্ষী ল'ৰা ছোৱালী হালক লৈ তাই বৰ ব্যস্ত হৈ পৰিল। গাওঁত থকাৰ বাবে বিহু আহিলে তাইৰ এতিয়াও ব্যস্ততাৰ অন্ত নাই। বিহুৰ কৰ্মশালা, ছাত্ৰ-ছাত্ৰীক বিহু শিকোৱাৰ উপৰিও বিহু প্ৰতিযোগীতা বোৰৰ বিচাৰকৰ নিমন্ত্ৰণো ৰক্ষা কৰিব লাগে। মুঠৰ ওপৰত তাই সকলো ফালে চকু দিব লাগে।
এইদৰে দুয়োৰে বৈবাহিক জীৱন সুখেৰে চলি থাকিল।
পিছে হঠাতে কুঁৱলীৰ পেটৰ বিষ আৰম্ভ হ'ল আৰু খবৰ পোৱা মাত্ৰকে ধুমুহা গতিৰে আকাশ ঘৰলৈ আহিল আৰু কুঁৱলীক ডাক্টৰৰ ওচৰলৈ লৈ গ'ল। ডাক্তৰে চাই চিতি ঔষধ দিলে যদিও অষ্ট্ৰোপচাৰ কৰিব লাগিব বুলি ক'লে । কাৰণ পেটত ষ্টন বাঢ়িছে । আজিকালি এইবোৰ ডাঙৰ বেমাৰ নহয় যদিও ৰঙালী বিহুৰ প্ৰথম দিনা তাই মেডিকেল যাব লগা হোৱাত মনটো দুখেৰে ভৰি পৰিল । হস্পিতালৰ বিচনাত পৰি তাই চকুপানী টুকিলে । তাকে দেখি আকাশৰ বেয়া লাগিল। কুঁৱলীৰ মনত সুখ দিবলৈ সি ক'লে -
: ঐ কুঁৱলী আমি কিমান বছৰ বিহু নাচা নাই , এইবাৰ দুয়ো মঞ্চ কপাই দিম নে কি কৱ তই ?
: তই মানে এই বয়সতো মোক ঠাট্টা কৰিছ ন? দেখিছাই মই যে বেমাৰী । বাচি থাকো নে নাই তাকো নাজানো । তোৰ আকৌ ফূৰ্টি লাগিছে বিহু নাচিব ওলাইছ ন ।
কুঁৱলী উচুপি উচুপি কান্দি উঠিল।
: ধেৎ আঁকৰী, কান্দিছা কিয়? তোৰ কিবা হোৱাৰ আগতে ভগৱানে মোক নিব লাগিব ।
: তেনেকৈ নকবি আকাশ । মই মৰি যাম ।
কিন্তু ভগৱানে কাৰ কপালত কি লিঠিছে কোনেও নাজানে। সামান্য ষ্টন বাঢ়া বুলি ভাবি থাকোঁতে কিবা অজান ৰোগত আক্ৰান্ত হৈ পৰিল কুৱলী । ডাক্টৰে টলকিবই নোৱাৰিলে ।
একসপ্তাহৰ ভিতৰত কুঁৱলীৰ স্বাস্থ্যৰ অৱনতি ঘটে।
ডাঙৰ ডাঙৰ ডাক্টৰৰ ওচৰলৈ নিও কুঁৱলীক ভাল কৰিব নোৱাৰিলে ।
অৱশেষত আকাশকাৰু ল'ৰা ছোৱালী হালক এৰি তাই ভগৱানৰ ওচৰলৈ গুচি গ'ল ।বলীয়াৰ দৰে হৈ আকাশে তাইৰ ওচৰত বহি ক'লে - ৰচোন তই অকলে যাব নালাগে মইও যাম তোৰ লগত।
এই চা, তোৰ বাবে কি আনিছো। তোৰ খোপাত এই কপৌফুলৰ মালা ধাৰি বান্ধি দিওঁ। এইবুলি কৈ আকাশে সুন্দৰ কপৌফুলৰ মালাধাৰি খোপাত গুজি দিলে । লাহে লাহে পৃথিৱীৰ বুকুত সন্ধিয়া নামি আহিল । আকাশৰ হৃদয় আকাশতো কলীয়া মেঘ ভৰি পৰিল ।
✍️ নিজৰা বৰ্মন ডেকা
বৰপেটা জিলা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ