প্ৰাচীন জাপানৰ কিঅটোৰ এজন বৌদ্ধ ধৰ্মৰ গুৰুৱে শিষ্য সকলে আহৰণ কৰা জ্ঞান আৰু বুদ্ধিৰ পৰীক্ষা ল'বলৈ পুৱা প্ৰাৰ্থনা গৃহত সকলোকে উদ্দেশ্যি কৈছিল, বাচাহঁত মনেষ্ট্ৰীটো জহি খহি যাব ধৰিছে । এতিয়াই মেৰামতি নকৰিলে নহ'ব । পাছে মেৰামতিৰ কাৰণে মোৰ হাতত টকা সিকা নাই। গতিকে তোমালোক আটাইয়ে চহৰলৈ যোৱা । চহৰত বহুত চহকী মানুহ আছে। তোমালোকে সুবিধা বুজি সেই চহকী লোকসকলৰ ঘৰত চুৰি কৰি টকা সিকা গোটাই আনাগৈ। কিন্ত সাৱধান হ'বা যাতে চুৰি কৰা কোনেও নেদেখে। যদি কোনোবাই চুৰি কৰা দেখে তেন্তে চুৰি নকৰি উভটি আহিবা।
জেন গুৰু জনাৰ কথা শুনি শিষ্য সকলৰ চকু কপালত উঠিছিল। যিজন গুৰুৱে বছৰ বছৰ ধৰি চৌৰ্য্য কাৰ্য্য, ঠগ প্ৰৱঞ্চনা আৰু প্ৰতাৰণা কৰা মানে মহাপাপ বুলি শিক্ষা দিছে স্বয়ং তেওঁ নিজে শিষ্যগনক চহৰলৈ গৈ ধন চুৰ কৰি আনিব দিছে। কথাটো বুজিও নোৱাৰি শিষ্য গনে দ্বিধাবোধ অনুভৱ কৰি গুৰুৰ মুখলৈ ছাইছিল।
জেন গুৰুজনে শিষ্য সকলৰ মনৰ অৱস্থা বুজিব পাৰি কৈছিল, বৎস্য তোমালোকৰ মনৰ অৱস্থা বুজি পাইছো । চুৰি কৰাটো বেয়া কাম। কেতিয়াবা প্ৰয়োজনত পাছে চুৰি কৰিব লগীয়াও হ'ব পাৰে। চহকী লোকসকলৰ বহুত ধন আছে। তাৰে যৎকিঞ্চিত চুৰি কৰি আনিলে একোৱেই হানি নহয় ।মই তোমালোকৰ গুৰু । গতিকে মোৰ আদেশ মানি চহৰলৈ যোৱা । পাছে এটা কথা মনত ৰাখিবা চুৰি কৰাটো যাতে কোনোৱেই নেদেখে ।
সেইদৰে শিষ্য সকলক বুজাই বঢ়াই চহৰলৈ যাবলৈ আদেশ দি জেন গুৰুজন প্ৰাৰ্থনা গৃহলৈ উভতি আহিছিল। প্ৰাৰ্থনাগৃহলৈ উভতি আহি গুৰুজনে দেখিলে এজন শিষ্য তেতিয়াও চিন্তামগ্ন হৈ বহি আছিল। মনৰ কৌতুহল ৰখাব নোৱাৰি জেন গুৰু জনে সেই শিষ্যজন কিয় বাকীবোৰ শিষ্যৰ লগত চহৰলৈ নাইযোৱা বুলি প্ৰশ্ন কৰিছিল।
গুৰুজনৰ প্ৰশ্নৰ উত্তৰত শিষ্যজনে কৈছিল, গুৰুদেৱ আপোনাৰ আদেশ অমান্য কৰাৰ ধৃষ্টতা মোৰ নাই। কিন্ত আপুনি যিটো স্বৰ্ত্ত ৰাখি চুৰ কৰিব আদেশ দিছে। সেইটো কোনো পধ্যেই সম্ভৱপৰ নহয়। সেয়েহে মই চিন্তামগ্ন হৈ আপোনাৰ অপেক্ষা কৰি আছো।
শিষ্যজনৰ উত্তৰ শুনি জেন গুৰুজন আচৰিত হৈ কৈছিল, বাচা তুমি কি ক'ব বিচাৰিছা অলপ ফঁহিয়াই কোৱাছোন।
গুৰুদেৱ আপুনি আমাক চুৰ কৰিব আদেশ দিছে আৰু লগতে কৈছে যে চুৰ কৰোতে যাতে কোনেও নেদেখে। সেইটো কেনেদৰে সম্ভৱ হ'ব বাৰু আপুনিয়েই কওঁকচোন। কাৰণ আনে দেখক নেদেখক কিন্ত নিজক নিজেটো দেখিম যে চুৰ কৰিছো বুলি। নিজে নিজক লুকুৱাবলৈ পাৰিম জানো। গতিকে স্বৰ্ত্ত সাপেক্ষে এই অসম্ভৱ আদেশটো মই পালন কৰিবলৈ অপৰাগ বোধ কৰিছো।
অহো ভাগ্য, অহোভাগ্য বৎস্য। তোমাৰ দৰে জ্ঞানী আৰু বুধিয়ক শিষ্য পাই মই ধন্য হৈছো। তুমি মই প্ৰদান কৰা বিদ্যা আৰু জ্ঞান লাভ কৰিবলৈ সফল হৈছা। তুমি শীঘ্ৰেই গৈ চহৰ অভিমুখে ৰাওঁনা হোৱা শিষ্য সকলক মনেষ্ট্ৰীলৈ উভটাই আনাগৈ।
আমিও জীৱনত বহুত বাৰ এনে ধৰণৰ পৰিস্থিতিৰ সন্মুখীন হওঁ । কোনটো ভুল কোনটো শুদ্ধ বাচ বিচাৰ কৰিব নোৱাৰা হওঁ । খেনোৰ মতে এটা যদি খেনোৰ মতে আন এটা উপদেশ আৰু পৰামৰ্শ পাই নিজেই দোমোজাত পৰি যাওঁ । আগুৱাই গলে ঠিয় গৰা পিছুৱাই গলেই জেঙৰ বেৰাৰ দৰে জটিল পৰিস্থিতিত পৰি সিদ্ধান্ত গ্ৰহণৰ বাবে দোধোৰ মোধোৰত পৰি জ্বলাকলা খাব লগীয়াও হয়। তেন মূহুৰ্তত আমি কেতিয়াও হতাশ হ'ব নালাগে। নিজৰ অন্তৰাত্মা অৰ্থাৎ হৃদয় হৈছে সৰ্বোত্তম পথ প্ৰদৰ্শক। প্ৰকৃততে আনক ফাঁকি দিলেও মানুহে নিজক ফাঁকি দিয়াটো অসম্ভৱ। সেয়েহে ভুল শুদ্ধৰ দোমোজাত পৰিলে যিকোনো সিধান্ত লোৱাৰ আগতে এবাৰ নিজৰ অন্তৰাত্মা অৰ্থাত হৃদয়ক সুধি চাব। কাৰণ হৃদয়ৰ মাজত আত্মা বিৰাজমান। শীতল মস্তিষ্কৰে চিন্তা কৰিলে হৃদয়ৰ মাজত সকলোবোৰ প্ৰশ্নৰ উত্তৰ বিচাৰি পাব পাৰি। লেবানীজ সকলে অন্তঃকৰণৰ মাধ্যমেৰে সমিধান বিচাৰি লোৱা প্ৰক্ৰিয়াটোক 'আলবেক দলীলা' বুলি কয়। আলবেক দলীলা হৈছে এক আৰবীক বাক্যাংশ যাৰ অৰ্থ হৈছে হৃদয় তোমাৰ পথ প্ৰদৰ্শক। কাৰণ হৃদয়ৰ পৰা একোৱেই লুকুৱাব নোৱাৰিবা ।গতিকে ভাল বেয়া যিকোনো কাম কৰিলে আনৰ চকুত ধৰা নপৰিলেও কোনেও নিজৰ চকুৰ পৰা সাৰি যাব নোৱাৰে। গতিকে আহঁকচোন আমি সকলোৱেই যিকোনো কাম কৰাৰ আগতে এবাৰ আলবেক দলীলা অৰ্থাত নিজৰ হৃদয়ৰ পৰামৰ্শ বিচৰাৰ অনুশীলন আৰম্ভ কৰোঁ ।
বিঃদ্ৰঃ আজি নতুন দিল্লীৰ পৰা মধ্য প্ৰদেশৰ ইন্দোৰ চহৰলৈ আকাশীযানেৰে উৰা মৰাৰ পথত লিখি যুগুতালোঁ। পঢ়ি পাঠক উপকৃত হ'ব বুলি আশা কৰিছোঁ।
ধন্যবাদেৰে-
✍️চুমিন্দ্ৰ চৌধুৰী
সাহিত্য অভিযন্তা
নয়ডা, উত্তৰ প্ৰদেশ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ