সমাজৰ সকলোৰে পৰা তুমি ভাল কথা শুনিবা বুলি আশা নকৰিবা আৰু নিৰাশা জনৰ কথাটো তুমি ভাগি নপৰিবা-সংযুক্তা দত্ত

©Admin
0
    সকলো মানুহ একে নহয় , সকলোৰে মন একে নহয়, সকলোৰে আশা একে নহয়, সকলোৰে সাহস একে নহয়, সকলোৰে বিশ্বাস একে নহয় ।  আপুনি ভাল হ'ল বুলিয়ে সকলোৰে পৰাই যে ভাল কথা শুনিব সেই আশা নকৰিব । আপুনি যিমানেই ভাল নহওঁক কিয়  আপোনাৰ মন নিৰাশা হোৱাকৈ মানুহে কথা ক'বই । ভালৰ মাজতো মানুহে আপোনাৰ কিবা এটা নহয় এটা বেয়া দেখিবই সেয়া স্বাভাৱিক। সেই বুলি আপুনি ভাল কাম কৰিবলৈ এৰি নিদিব । কি ঠিক আপুনি কৰি থকা কাম বোৰ আন জনে কৰিব নাজানিবও পাৰে। সকলোৱে টো সকলো ক্ষেত্ৰত পাৰ্গত নহয়। আপোনাক পোহৰৰ  বাট কোনেও আহি দেখুৱাই নিদিয়ে , সেই বাট আপুনি নিজে উলিয়াই ল'ব লাগিব। আপোনাক সকলোৱে আশা দেখুৱাই দিব নোৱাৰিব পাৰে কিন্তু নিৰাশা কৰিব সকলোৱে পাৰিব । সেই কাৰণেই কোৱা হয় - সমাজৰ সকলোৰে পৰা তুমি ভাল কথা শুনিবা বুলি আশা নকৰিবা , আৰু নিৰাশা জনৰ কথাটো তুমি ভাগি নপৰিবা ।                                                  
                                 ✍️  সংযুক্তা দত্ত।
 মিছামৰা।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)