অভিমানী মন -জ্যোতিষ্ক বৰুৱা

©Admin
0
আনদিনাৰ দৰে কপিলে ৰাতিপুৱা বিচনাৰ পৰা উঠি মুখত ব্ৰাছ ডাল সুমোৱাই দাঁত কেইটাত ঘঁহি ঘঁহি জিলিকাবলৈ প্ৰয়াস কৰি শেষত বেচিনৰ টেপটো খুলি মানুহটো কিছু হাউলি মুখখন ধুবলৈ ল'লে ৷ ফ্ৰেছ হৈ ডাইনিং হ'ললৈ গৈ নিউজ পেপাৰখন লৈ বহি পৰিল ৷ চকু ফুৰাই বাতৰি বোৰ পঢ়িবলৈ ল'লে ৷ কাষতে পত্নী অনামিকাই চাহ কাপ দি গ'লহি ৷ লগতে লুচি ভাজি পুৱাৰ ব্ৰেকফাষ্ট ৷ বাতৰি পঢ়াৰ ধ্যানত চাহ ঠাণ্ডা হ'ল বুলি অনামিকাৰ চিঞৰতহে কপিলৰ সম্বিত পাই চকুহালে বাগৰ সলালে ৷ইতিমধ্যে চাহ কোলডিংক্সলে ৰূপান্তৰ হবলৈ পৰ্যপ্ত সময় পালেই ৷ লুচিখিনি খাবলৈ আৰম্ভ কৰোতে অনামিকাই মাত দিলে "কিমান নো আৰু পেপাৰখন চাই ব্যস্ত থাকে  ? চাহ খিনি চেচাই হ'ল, ৰ'ৱ মই আকৌ গৰম কৰি দিছো ৷
অলপ পিছতে গৰম চাহ একাপ পুনৰ কপিলক আনি দিলে ৷ চাহ কাপ খাই সি মনতে ভাৱিলে আৰু কিমান দিন এনেদৰে চলিম ৷ দেউতাক মাক ঢুকুৱা দুবছৰেই হ'ল ৷ বাপেকে গঢ়়ি থৈ যোৱা ভাৰাত দিয়া দুখন দুকান,ভাড়া মাৰিবলৈ তাৰ নামত কিনি দিয়া গাড়ী দুখনেই একমাত্ৰ উপাৰ্জনৰ পথ ৷ চাকৰিৰ বিচাৰি অফিচে অফিচে মাৰাথান দৌৰত হাৰ মানিলে ৷ আজিকালি   সেইবাবে চাকৰি বিচৰাটো বাদ দিলে ৷ কিবা এটা ব্যৱসায় কৰিবলৈও হাতত সিমান ধন নাই ৷ দেউতাকে তাৰ নামত থৈ যোৱা সাঁচতীয়া টকাবোৰো ইটো সিটো কৰি থাকোতেই উদং হ'ল ৷ ঘৰখনত দুটা প্ৰাণীহে, কপিল আৰু অনামিকা ৷ আজি চাৰি বছৰ হ'ল সিহঁতৰ বিয়া হৈ যোৱা ৷ কপিলে মাক-দেউতাকৰ পচন্দৰ মতেহে বিয়া পাতিছিল  ৷ মাক-দেউতাকেহে ছোৱালী পচন্দ কৰি অনামিকাৰ সতে ধুমধামেৰে বিয়া পাতি দিছিল ৷ অৱশ্যে দুয়ো মিল যদিও কেতিয়াবা দুইজনৰ মাজত দুই এখুন্দা বাক বিতণ্ডা নোহোৱা নহয় ৷ 
একবছৰমানৰ পৰা সিহঁত হালৰ ঘৰখন চলিবলৈ কিছু জটিল হৈ পৰিছে ৷ কৰোণা কালৰ পৰা ভাড়া দোকান আৰু  গাড়ী দুখনৰ পৰা আগৰদৰে টকা পইচা নহা হৈছে ৷ কপিলৰ মাজে সময়ে চিন্তা হয় ৷ এনেদৰে আৰু কিমান দিন চলিম ৷ অনামিকাও অন্তসত্বা ৷ অহা মাহত বাচ্চা জন্ম হোৱাৰ তাৰিখ দিছে ডাক্টৰ জনে।
কেইদিন মানৰ পৰা কপিল ঘৰলৈ দেৰিকৈ অহাৰ অভ্যাস এটা লৈছে ৷ এদিনাখনৰ কথা লগৰ কেইজন মানৰ লগত কেইঢোক মান বেচিকৈ গিলি ঢলং পলংকৈ ঘৰ সোমালেহি ৷ 
কপিল অহাৰ উমান পাই দৰ্জাখন খুলি দি অনামিকাই কলে  "কেইটা বাজিল এবাৰ ঘড়ীত চাওঁকচোন ??"
কপিলে তেতিয়া ঘড়ীটোলৈ চাই দেখিলে ৰাতি ১২.৩০ বাজিছে ৷
মুখখন বেকেটা কৰি ভিতৰলৈ সোমাই বিৰক্তিৰে তাইৰ কাষত বহি কপিলে ক'লে: - কি কবা আৰু এনেদৰে আৰু কিমান দিন চলিম ৷ লকডাউনটোৰ পৰা পইচা পাতিৰ ইনকাম একেবাৰে নুহোৱা হৈছে ৷ মা-দেউতাৰ ইচ্ছা পূৰণ কৰিবলৈ গৈ তোমাক বিয়া কৰাই তোমাকো এতিয়া কষ্ট দিৱলগীয়া হৈছে ৷ প্ৰয়োজনীয় মতে অভাৱ পূৰণ কৰিব পৰা নাই ৷ তাতে তোমাৰ অহা মাহত সন্তান জন্ম দিয়া তাৰিখ পৰিছে ৷ এনেবোৰ চিন্তাত পৰি অলপ খাই দিলো ৷
অনামিকাই অলপ কৃত্ৰিম খং দেখুওৱাই কথাখিনি শেষ নোহোৱাতেই কপিলৰ চাৰ্টৰ কালাৰটোত চেপি ধৰি খঙৰ সুৰত ক'লে-
মোক খেলাৰ পুতলা ভাবিছে নেকি? পছন্দ হোৱা নাই, বিয়া কৰিব খোজা নাই, এইবোৰ আগেয়ে কব নোৱাৰিলে? নিজৰ মা-দেউতাৰৰ মন ৰক্ষা কৰাৰ বাবে মোৰ সকলো আশা স্বপ্নক বলিদান দিবলৈ অধিকাৰ কত পালে আপুনি? 
কৈয়েই কপিলৰ কালাৰটো এৰি দিলে। তাই আকৌ কলে "যি হ'বৰ আছিল সেয়াতো হ'লেই। পত্নীৰ অধিকাৰ আপোনাকো দিয়া নহয়। যাওক তলত শুই থাকক। আজিৰ পৰা মোৰ বিচনাত  মদসোপা খাই এনেধৰণে একদমেই শুৱ নোৱাৰিব।"
কপিলে বাধ্য ল'ৰাৰ দৰে চুপ চাপ হৈ মজিয়াত গামোচা এখন পাৰি শুবলৈ ল'লে। মনে মনে ভাবিলে কেনে গুণ্ডা টাইপৰ দেখোন অ' এইজনী , তাইৰ এই খঙৰ ৰূপটো ইমান বছৰে কোনোদিন দেখা নাই। লগৰ লগত চাল্লা মদসোপা খাই এতিয়া শেন হৈ ঘৰলৈ আহি ফেঁচাটোৰ হৈ শুই আছো দেখুন। তাতে আজি  আকৌ মোৰ শুৱা বিছনাখনো নাই।  হে ভগৱান। মোক মাৰি নিয়া। চেহ: মোৰ জীৱনটো বৰবাদ হৈ গল ।...কিবা কিবি মুখেৰে নীচাৰ কোবত বিৰবিৰাই কপিল অৱশেষত টোপনি গ'ল ৷ তাতে আকৌ কেইটামান মহে তাৰ কাণৰ কাষত আন্দোলন কৰি আছিল সি টোপনিত গমেই নাপালে  । হঠাৎ উচপ খাই সাৰ পাই  দেখিলো তাৰ গাত কোনোৱে ব্লেংকেট ঢাকি দিছে। মনটোত অলপ স্বস্তি আহিল। নিশ্চয় অনামিকাই হয় তাক সি অনুমান কৰিব পাৰিলে ৷
পিছদিনা শুই উঠি দেখিলে   টেবুলত চাহ ৰখা আছে। ফ্ৰেচ হৈ আহি চা খাই ফোনটো টিপিবলৈ লৈছিলেহে, হঠাৎ তাই সোমাই আহিল-
ইমান দেৰিকৈ উঠি এতিয়া বহি আছে? তলত ডাইনিং টেবুলত  আপোনাৰ বাবে ৰৈ আছো। সোনকালে আহক তললৈ। যোৱা কালি তোমাৰ শাহুৰ মা আহিছে মানে মোৰ মা ৷ অতদিনে ইমান মদ নোখোৱা, কালি কিহে পাইছিল হে আপোনাৰ সেইসোপা ইমানকৈ খাই আহিবলৈ ? মায়ে টোপনি গল বুলিহে সেই সময়ত, নহলে যি বোৰ বলকি আছিলা শুনা হলে কি ভাবিলে হয় বাৰু  ??
কৈয়েই আৰু কপিলৰ কাষলৈ আহিল, ঘপহকৈ আহি কপিলৰ কাণৰ কাষত লাহেকৈ কলে- লাজ লাগিছে নেকি শাহুৰ মাৰ আগত ওলাবলৈ এতিয়া  ? কৈ দিম নেকি কালি কাণ্ডটো ? 
"নহলে ৰুমলৈ লৈ আনো নেকি?"

তাইৰ কথাখিনি শুনি কপিলৰ বুকুখন চিৰিং কৰি গল যেন  হার্ট এটেক হ'বলৈয়ে গৈছিল। ভাগ্যত বাছিলো। মই ভাবিছিলো কালিৰ দৰে এইবাৰো কালাৰটোত ধৰি মোক তললৈ টানি নিব। তাতে আকৌ শাহুৰ মাৰ  সন্মুখত। তাই অৱশ্যে এইবোৰ কথা মাকক নকয় তাৰ বিশ্বাস আছে ৷ তাই আগে পিচেও তাক তেনেদৰে শাসন কৰে ৷

হঠাৎ এটা বিকট শব্দত বাস্তবলৈ সি ঘূৰি আহিল। সৰু টেবুলখনৰ কাষত তাই পৰি গৈছে। তাই বহুত কষ্ট পাইছে। টেবুলৰ কোণত আঁঠুৰে খুন্দা খাইছে। ।
কপিলে দৌৰি গৈ তাইক হাতত টানি তুলি ধৰিবলৈ চেষ্টা কৰিলে !
তাই: অসস অসসস। কেনে মানুহ হে আপুনি ?? তাই অলপ খঙৰ সুৰতেই কলে ।
কপিলে  একদম চক খাই উঠিল। আৰু তাইলৈ চাই কলে  মইনো আক' কি কৰিলো ।
তাই কলে- 
মই মাটিত পৰি আছো উঠিব পৰা নাই। কোলাত লৈ মোক বিচনাত শুৱাই দিয়াৰ পৰিবৰ্তে মোৰ হাতখন হে টানি আছে যে ?

কপিলে তাইক কোলাত লৈ বিচনাত শুৱাই দিলো। কপিলক জোৰকৈ সাবটি ধৰি ক'লে তাই-
ইচ্ছা হয় এনেদৰে গোটেই জীবনটো আপোনাক ধৰি থাকিব পাৰিলে । কিন্তু আপুনিটো মোকতো পছন্দই নকৰে। আজিকালি মোৰ কথা পাহৰি মদকহে পচন্দৰ লগৰী কৰি তুলিছে ৷কথা শেষ কৰি তাই হুমুনিয়াহ কাঢ়িলে।

কথাখিনিত কপিলৰ বুকুৰ কোনোবা এখিনিত চেপি ধৰা যেন লাগিল। কপিলৰো কবলৈ ইচ্ছা গল- কপালত চুমু এটা দি, পাগলী মইও যে আজিও তোমাক সিমানেই ভালপাওঁ ৷ তোমাৰ শপত আজিৰ পৰা আৰু কোনোদিন মদ নাখাওঁ ৷

কিন্তু নোৱাৰিলো। নাজানো কোনোবা এটা শক্তিয়ে মোক বাধা দিলে। এই সুযোগত তাই কপিলক ঠেলি বিচনাত পেলাই চকুলো টুকি ওলাই গ'ল ।

তাই ওলাই যোৱালৈ কপিলে নিৰৱে চাই ৰ'ল ৷  তাতে আকৌ লেঙেৰাই গৈছে । 
পাগলিটোৰ সৈতে এনেদৰে প্রেম কৰি কৰিয়েই পাৰ হৈ গল চাৰি বছৰ। গমেই নাপালো ৷ কপিলে মনতে ভাবিলে  কি দৰ্কাৰ আছিল মোৰ মদ খোৱাৰ,সিদিনা তেনেকৈ কোৱাৰ ৷ তাতে তাই কাইলৈ পৰহিলৈ মোৰেই সন্তানৰ মা হ'বলৈ ওলাইছে ৷ চেহ: কিযে হৈ গল সিদিনা ৷তাইক এনেদৰে অকলশৰীয়াকৈ এৰি ৰাতিখন মদ খোৱাটো সঁচাই ভাল হোৱা নাছিল,ভাগ্যে শাহুৱেকজনী এইকেইদিনত আহি পালে বুলিহে  ইয়াকে ভাবি সি অনুতপ্ত হল ৷
 সিদিনা  গাড়ীৰ ভাড়া কেইটা লৱলৈ ষ্টেণ্ডত ৰৈ থাকোতে হঠাৎ শাহুৱেকৰ ফোন পাই কপিল দৌৰি আহি পোনচাটেই হস্পিতাল পালেগৈ। গৈয়েই শুনিলে তাৰ ঘৰলৈ হেনো এজনী সৰু ৰাজকন্যা আহিছে।
কিন্তু, তাৰ অনামিকাৰ কোনো শব্দ শুনা নাই। ভয়ত সি জিকাৰ খাই উঠিল। বহুতৰ মুখত শুনিছো বাচ্ছা জন্ম দিয়েই মৃত্যু হৈছে বহুত প্ৰসূতিৰ । সেয়েহে সি ভয়ত বেবী বিছৰা নাছিল। কিন্তু তাই আকৌ ওলোটা। বেবী লাগিবই।
সেই ইচ্ছা পূৰণ কৰিবলৈ গৈ.... ....???
আৰু ভাবিবলৈ পৰা নাই । এক ছেকেণ্ডো নষ্ট নকৰাকৈ এক প্ৰকাৰ সি দৌৰি গ'ল কেবিনলৈ। গৈ দেখিলে বেবীটোৱে হাত ভৰি লৰচৰ কৰি চাই আছে। কিন্তু তাৰ পত্নীৰ চকু বন্ধ কৰি আছে।
তাইৰ নিশ্বাস আছনে নে নাই তাক পৰীক্ষা কৰাৰ ধৈৰ্য নহ'ল। জোৰকৈ ধৰি চিৎকাৰ কৰিলো। হঠাৎ তাৰ কাণখনত কিবা দুখ পোৱা যেন অনুমান হল । দেখিলে তাই তাৰ কাণৰ লতিত লাহেকৈ কামুৰি দিছে।
কি ভাবিছিলে আপোনাক অকলশৰীয়া কৰি গুচি যাম নেকি?
আৰে পাগল নাযাওঁ। মই গুচি গলে আপোনাক খং উঠাই জ্বলাব কোনে?
কপিলেও তাইক বুকুত জোৰকৈ সাবটি ধৰি ৰাখিলে। আৰু সিও ৰ'ব নোৱাৰিলে। মই জীৱনত প্ৰথমবাৰৰ বাবে কোনো নাৰীৰ বাবে সি কান্দি উঠিলে আৰু তেনে কৈয়ে কপিলেও ক'বলৈ ধৰিলে
ভাল পাওঁ। বহুত ভালপাওঁ  তোমাক। মইয়ো এৰি নাযাওঁ কেতিয়াও।

সমাপ্ত


✍🏾 জ্যোতিষ্ক বৰুৱা
নামৰূপ,অসম ৷
মোৱাইল নং:-৯৩৬৫০০৮৩৪৩

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)