জোনাকতকৈও ধুনীয়া••শিল্পী দাস

Sibani Baruah
0
তুমি জোনাকতকৈও ধুনীয়া,
আমাৰ ভালপোৱা চিৰযুগমীয়া।
তোমাৰ মিঠা মাতৰ সুৰ,
মোৰ হৃদয়ত আছে ভৰপূৰ।
তোমাৰ স্পৰ্শৰ শিহৰণে,
শান্তি পাই জীৱনে।
তোমাৰ কথা ভাবি প্ৰতিদিনে,
সময় বৈ যায় প্ৰতিক্ষণে।
চকুযোৰ তোমাৰ মায়াৱী,
মোৰ প্ৰেমৰ ৰূপ আৱেগি।
তোমাৰ ওঁঠৰ ফাঁকৰ মিঠা হাঁহি,
মোৰ হৃদয়ে মেলে ফুলৰ পাহি।
অভিমান হৃদয় তোমাৰ,
খং কৰা কিয় বাৰ বাৰ?
প্ৰিয় তুমি মোৰ জান,
মই তোমাৰ প্ৰতিপলৰ প্ৰাণ।
এৰি নাযাওঁ কেতিয়াও,
নাভাৱিবা ভুলতেও।
তুমি মাথোঁ মোৰ,
মই মাথোঁ তোমাৰ।
ভালপোৱাৰে নাম দিম,
জীৱন সাগৰ পাৰ কৰিম।
বৰ ভালপাওঁ তোমাক,
এৰি নাযাবা আমাক।

                              
✍️ শিল্পী দাস
 ভালুকমাৰী,ৰাণীপুখুৰী (হোজাই)
          

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)