ডাকোৱাল✍️নিপু কুমাৰ দাস

©Admin
0
      পদূলিৰ মুৰত বাইচাইকেলৰ হৰ্ণৰ শব্দ শুনি বিপুলে বহাৰ পৰা উঠি যাবলৈ বিচাৰি কিছু ৰৈ গ'ল। কাষৰ ঘৰত কিবা পাৰ্চেল আহিছে। 
              অতীতৰ কথাবোৰে তেওঁক জুমুৰি ধৰিছে।আজি চল্লিশটা বছৰ যি কাম কৰি অৱসৰ গ্ৰহণ কৰিলে তেওঁ।সেই কাম হঠাতে নোহোৱা হৈ গ'ল প্ৰায়।বিজ্ঞানৰ বিকাশত ইলেকট্ৰনিক যুগ আৰম্ভ হ'ল।
               তেওঁ পদূলিৰ মুৰত থিয় দি নিথৰ হৈ ৰ'ল তেওঁ এদিন পদূলিৰ মুৰে মুৰে চাইকেলৰ টিলিঙা বজাই বজাই পিঠিত কঢ়িয়াই লৈ ফুৰিছিল হেজাৰ জনৰ আশাৰ সপোন। কত শত জনৰ আশাৰ পদুম পাঁহি ফুলিছিল জীৱনত আৰু কিমান জনলৈ বিষাদ কঢ়িয়াই আনিছিল তেওঁৰ এই দুহাতেৰে।কাষেৰে পাৰ হৈ যোৱা কুৰিয়াৰ চাৰ্ভিস ল'ৰাজনলৈ চাই। 
            তেওঁ আজিয়ে ভাবিছে ডাকোৱাল চাকৰিৰ পৰা অৱসৰ লোৱাৰ কিবা মজায়ে বেলেগ আছিল।

✍️নিপু কুমাৰ দাস 
কাজিপাৰা,নলবাৰী 
৭০০২৩২৭৮০৫

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)