আঘাত__শিল্পী দাস

Sibani Baruah
0
দলিয়াই দলিয়াই
আঘাত সানে,
এবাৰ জানো ভাবে
কিমান দুখ পাব প্ৰাণে।
অহংকাৰীৰ মন্তব্য তেনে
বহুত আনন্দিত পাই,
স্বাৰ্থপৰৰ লোভীত দেশত
আজি মানৱতা নাই।
আঘাতে আঘাতে মৃত কোনোবা
প্ৰতিক্ষণৰ ক্ষন্তেকে,
লাভ জানো হয়
ক্ষুদ্ৰ কৰি নিজকে।
আঘাত বৰ সস্তা
যেতিয়া তেতিয়া প্ৰাপ্তি,
তেওঁলোকে এনেকুৱা কৰি
পায় জানো তৃপ্তি।
আঘাত নাসানিবা কাকো
এবাৰ ভাবি চাবা নিজৰ কথা,
প্ৰতিদানত এদিন চাবা
তেনে উপহাৰ পাবা অন্যথা।

                              ✍️ শিল্পী দাস
                                       হোজাই

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)