কাহিনী ••মন নেওগ

Sibani Baruah
0
- ঐ!
- হম্।
- কি কৰিছা ?
- আছোঁ।
- ইমান ৰাতিখন অকলে অকলে ইয়াত ?
- এনেই।
- তুমি আগতকৈ সলনি হৈছা।
- সময়ে বাধ্য কৰাইছে।
- তাতেই সলনি হ'লা তুমি। সময়ৰ ওচৰত হাৰ নমনা ল'ৰাটোৱে আজি এইটোও কৰিব ল'লে।
- ভুল আছিলো মই। সময়ৰ লগত কোনেও জিকিব নোৱাৰে। আৰু কেতিয়াবা আগতীয়াকৈ হাৰ মানি ল'লে নিজৰ বাবেই ভাল।
- কি ভাল ? অকলশৰীয়াকৈ থাকি মৌন ব্ৰত ধৰাতো জানো ভাল ?
- ভাল। অন্ততঃ মোৰ কোনো কথাই কাকো আঘাত নিদিয়ে।
- কিন্তু তোমাৰ কথাবোৰে যে তোমাক আঘাত কৰি আছে। মনৰ কথাবোৰ এনেকৈ মনতে গুজি গুজি ৰাখি থোৱাতো ভাল নহয়।
- তেন্তে কি কৰিম ?
- কৈ দিব লাগে আপোনজনক!
- আস্, আপোনজন। নালাগে মোক তেনেকুৱা কিছুমান আপোন, যাৰ ওচৰত মোৰ শব্দবোৰে অস্তিত্ব হেৰুৱাই। শূন্য সময়ত যেতিয়া বুকুখনে সেই আপোনজনৰ হাত বিচাৰি হাবাথুৰি খায়, শূন্যতাই তেতিয়া মোক ডিঙিলৈকে গিলি পেলাই।
 ...................................................................
আৰু মোক এনেকুৱা আপোনো নালাগে, যাক বিচাৰি হৃদয়খনে প্ৰতিপলে হাহাকাৰ কৰি থাকে। কিন্তু তেওঁ মোক এৰি বহু নিলগলে বাট পোনাই। তুমিতো মোৰ আপোন আছিলা ?
- এইয়া সময়ৰ খেল।
- সেইবাবেই সময়ৰ খেলখনত মই হাৰ মানি লৈছো। অতীতৰ এটা এটা পৃষ্ঠাই বৰ্তমানটো গাঁঠিবলে শিকাইছে মোক। এতিয়া যে মই নিজৰ মাজতেই সুখী। নিজক লৈয়ে লিখিব লৈছো নীৰৱতাৰ কবিতা।
- তুমি সঁ‌চাকৈ আচৰিত!
- আচৰিত মই নহয়। আচৰিত এই সময়। ক'ত, কেতিয়া, কেনেকৈ খেল খেলে বুজিবকে নোৱাৰি। সেইবাবে আজিকালি ইমান বেছি উৎকণ্ঠিত নহওঁ মই। সময়ৰ প্ৰতিটো উপহাৰ বিনা-হাঁ‌হিৰে আৰু বিনা-কান্দোনেৰে মানি ল'বলৈ শিকিছো।
- হাঁ‌হিবোৰ ফুলিব দিব লাগে, চকুপানীবোৰ নিগৰাই দিব লাগে। মনটো পাতল লাগে।
- মোৰ মনতো যে কেতিয়াও গধুৰেই নহয়। নিজেই নিজৰ মাজত বিলীন হ'ব পাৰিলে মনৰ ভৰ তেনেই নিঃকিন।
- ময়োতো ইয়াত অকলশৰে আছো। কিন্তু মোৰ মনটো বহুত গধুৰ লাগি থাকে জানা(?)
- তুমি যে এতিয়াও পাৰা নাই নিজক আপোন কৰি ল'বলে। তোমাৰ মন এতিয়াও এই ধৰাতেই আছে।
- সঁ‌চাকৈ জানা, মই আজিও পৰা নাই তোমাৰপৰা আঁতৰি আহিব। মোৰ সকলো যে তোমাতেই সঁ‌পি থৈ আহিছো।
- আৰু মই.....

 ~ এয়াই হ'ল হৃদয়ৰ আপোনতা। হেজাৰ লুকুৱাব বিচাৰিলেও আপোনজনৰ ওচৰত সকলো উদং হৈ পৰে। যাৰ ওচৰত শব্দবোৰে অস্তিত্ব নেহেৰুৱাই, বৰঞ্চ উশাহবোৰে প্ৰাণ পায়। এনেকৈয়ে গঢ় লয়, সম্পৰ্কবোৰ। একেলগ হৈ ৰয় জনমে-মৰণে।।

✍🏻মন নেওগ
নামতি,শিৱসাগৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)