চিঞৰ- নিপু কুমাৰ দাস

©Admin
0
ৰাতিপুৱাৰ পৰায়েই বিবেকৰ চিঞৰ বাখৰ । এটা কথাতেই লাগি আছে । ঘৰৰ আচবাব ইটো সিটো ভঙা আৰম্ভ কৰিছে । ৰাতিপুৱাই পুৱাই চিঞৰ বাখৰ শুনি ওচৰৰে মোহন খুড়াই মাত লগালে- বৌ--- অ' বৌ কি হৈছেও বিবেকৰ কিবা মতিভ্ৰম হৈছে নেকি ? নহ'লে ৰাতিপুৱাই পুৱাই ঘৰৰ বস্তু ভঙা ভাঙি চিঞৰ বাখৰ কৰে নে আৰু ? খঙতে অগ্নিশৰ্মা হৈ মাকে চিঞৰি চিঞৰি মোহনক ক'বলৈ ধৰিলে । নহয়ও মোহন মতিভ্ৰম বলিয়াতকৈ আৰু যদি কিবা আছে সেই হৈছে,নহ'লেনো দেউতাক নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ বিছনাত আজি দহ দিন ধৰি পৰি আছে তাত হ'লে তাৰ খবৰ পাতি লোৱাৰ সময়েই নাই । দেউতাকৰ মুখলৈ চাই থাকিবলৈ নোৱাৰি অসুখ ভাল হোৱাৰ লক্ষণেই দেখা দিয়া নাই আৰু এইফালে মহাৰাজে আজি দুদিন ধৰি চিঞৰ বাখৰ লগাইছে, তাক এখন বাইক মানেই পালচাৰ লাগে । এইফালে ঘৰখনত এটাৰ পিছত এটা বিপদেই লগ এৰা নিদিয়া হৈছে । তাক মই এতিয়া কেনেকৈ এখন পালচাৰ বাইক লৈ দিওঁ তুমি কোৱাচোন মই কেনেকৈ দিওঁ কিনি,এইফালে দেউতাৰ চিকিৎসাৰ নামত খৰচ।তাক লাগ বুলিলেই দিব নোৱাৰো নহয়। মোহনে হুমুনিয়াহ কাঢ়ি ক'লে সচাঁকৈ বৌ আগৰ বিবেক নাই এতিয়া । গুৱাহাটীলৈ পঢ়িবলৈ গৈ বিবেক সম্পূৰ্ণ কৈ সলনি হ'ল।ডাঙৰক শ্ৰদ্ধা আৰু সন্মান জনোৱা বিবেক এতিয়া ৰুক্ষতাই আবৰি ধৰিছে । বিবেক আৰু বিবেক হৈ থকা নাই সময়ৰ সোঁতত পৰিৰ্বতন হ'ল । বিবেক অ' বিবেক এইফালে শুনাচোন! শুনা , তোমাক কিহৰ পালচাৰ লাগে ? ওঠৰো বছৰ হোৱাই নাই আৰু তোমাক লাগে বাইক? আইনৰ মতে এতিয়া বাইক চলাব আৰু নোৱাৰে।আহাচোন, আঁহা মোহন খুড়াৰ মাত শুনি বিবেক চুপ চাপ পেঁপুৱা লাগি গ'ল। যেন শিল পৰা কপৌটিৰ দৰেই।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)