কন্যা সন্তান- নিবেদিতা দাস কলিতা

©Admin
0
আনুৰাধা মাক হ'বলৈ ওলাইছে। মনতে হেজাৰ প্ৰশ্ন 
তাইৰ গৰ্ভত থিতাপি লোৱা সন্তানটি কুশলে থাকিব নে ? দুবাৰকৈ কন্যা সন্তান জন্ম দি তাই সকলোৰে মনত এলাগী হৈ পৰিছে একমাত্ৰ স্বামীৰ বাহিৰে ।চকুলো নিগৰি আহিল তাইৰ ।এনেতে অনুৰাগে মাত লগালে 
" কি ভাবি আছা? মোৰ কোনো আপত্তি নাই ল'ৰা- ছোৱালীক লৈ ।সন্তানে সদায় পিতৃ- মাতৃৰ বুকু জুৰ পেলাই ।মই সুখী অনু, কন্যা সন্তান হেনো ঘৰৰ লখিমী ।আমি পিতৃ- মাতৃৰ পৰিচয় পাইছোঁ তাতকৈ আমাক আৰু একো নালাগে ? ৰাতি বহুত হ'ল শুই থাকা ।"
 চকুলো নিগৰি আহিল অনুৰাধাৰ । অনুৰাগৰ বুকুৰ মাজত আলফুলে সোমাই পৰিল তাই ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)