জীৱনৰ প্ৰতিটো পদক্ষেপতে
সুখ যিদৰে আছে ,
দুখো তাৰ লগে লগে থাকে ।
নিমিষতে নমাই আনে
দুচকুয়েদি মুষলধাৰা
বেদনাৰ সেউজীয়া বৰষুণ ।
হেৰুৱাৰ আন এটা
নামেই দুখ ,
জীৱনৰ ৰঙ্গমঞ্চত ভাওঁ দি
থাকোঁতে নতুন চিনাকি জন
পুৰণি হয় হৃদয়ত
স্বৰ্ণশিখৰৰ সৃষ্টি কৰে।
জীৱনৰ পথত বিভিন্ন জনে
ভিন্ন ৰূপত ভাও দি
জীৱনলৈ আহে ।
কোনোবা জন বন্ধুত্বৰ মৰমেৰে
আৰু
কোনোবা প্ৰেমৰ এনাজৰীৰে
বান্ধ খাই।
জীৱন পথত বাট বোলোতে
বুকুৰ আপোন কিমানক যে
হেৰুৱাব লগা হয়,
কোনোৱে অভিমান কৰি
চিৰদিনৰ বাবে আঁতৰি যায়।
কোনোৱে বিশ্বাসঘাটকতা কৰি
আৰু
কোনোজনক মৃত্যুয়ে টানি লৈ যায়।
যন্ত্ৰণাসিদ্ধ পক্ষীৰ দৰে
দুখৰ সাগৰত ডুবি ডুবি
হৃদয় খন জীয়াই থাকে
অনিচ্ছাকৃত ভাৱে।
কেতিয়াবা আকৌ আমি
কাৰোবাৰ দুখৰ কাৰণ
হৈ পৰো,
বাধ্যত পৰি আঁতৰি আহিবলগীয়া হয়।
ইয়াৰ উপৰিও ভোগবাদী ধাৰণা
প্ৰতিযোগিতা, অৰ্থনৈতিক কাৰণবোৰ
হয় পৰে আমাৰ
দুখৰ উপাদান ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ