পখিলী •খণ্ড-১১ •বিতুমণি কোচ

Sibani Baruah
0
স্বাধীন আৰু স্বতঃস্ফূৰ্ত ভাৱে থাকিবলৈ ভগৱানে তাইৰ কপালত নিলিখিলে।তথাপিও তাই ভগৱানক আক্ষেপ নকৰে।পাষান হৃদয়ৰ পুৰুষৰ লগত জীয়াই থকাতকৈ মাকজনীক ভগৱানে মাৰি নিলে, ভাল হ'ল।
পাকঘৰৰ পৰা আঁহৰি নোপোৱা পখিলীয়ে কেইবাদিনো বাপেকক মাতবোল কৰা নাই।আজিও ভাতৰ কাঁহীখন আগত থৈ আঁতৰি আহিব খুজিও বাপেকৰ কথাষাৰ শুনি থমকি ৰ'ল।

এই কেইদিনতেই নতুন মাৰে এজনী বিচাৰি আনিম।তই বৰ কষ্ট পাইছ।

বাপেকৰ কথাষাৰ শুনি ক্ষোভ আৰু ঘৃণাত তাই ফোঁফাবলৈ ধৰিলে।যদিও এষাৰ মাত নমতাকৈ আঁতৰি আহিল।

একো এটা নকলি যে মাজু আই।তহঁতৰ সুখৰ কথা ভাবিহে এজনী চপাব বিচাৰিছোঁ।

ওচৰতে ৰৈ থকা সৰুকেইটালৈ তাই চালে।সিহঁতে বাপেকৰ কথা শুনি ফুচ-ফুচাই কিবা এটা পাতিছে।

তই ডাঙৰ হৈছ।কাইলৈ পৰহিলৈ এঘৰলৈ উলিয়াই দিলে সৰুকেইটা কোনে চাব।সিহঁতৰ চোৱা-চিতা কৰিবলৈকে মানুহ এজনীৰ প্ৰয়োজন হৈছে।ঘৰখনৰ ৰখীয়া হ'ব।

কথাটো ভাল হ'বনে নহয় ? বুলি অনৰ্থক পৰামৰ্শ এটা বিছাৰি পখিলীৰ মুখলৈ চোৱা  বাপেকটোৰ মুখত থুৱাই দিবলৈ মন গ'ল তাই।

মাক বিহিন সিহঁতৰ জীৱনত কোনো দিন বাপেকে কাষত চপাই লৈ মৰম কৰা মনত নপৰা মানুহটোৱে লোকৰ মানুহ এজনীয়ে সিহঁতক মৰম কৰিব বুলি কেনেকৈ ভাবিব পাৰিলে।আনন্দৰ বাবে ঘৰৰ প্ৰয়োজন নাইকিয়াৰ দৰে ,মানুহ এজনী গোটাই দিলেই সিহঁতৰ সুখ হ'ব বুলি ভাবি লোৱাৰও কোনো অৰ্থ নাই।

গোটেই ৰাতি কথাবোৰ ভাবি ভাবি টোপনি নাহিল তাই।পুৱতি নিশাহে টোপনিটোৱে হেঁচা মাৰি ধৰিলে।চাইকেলৰ টিলিং-টিলিং মাতত তাই টোপনি ভাগিল।একে জাপে শুৱা পাতি এৰি তাই পদূলি মুখ পালেহি।চাইকেল চলাই যোৱা সোনাইক ৰিণিকি-ৰিণিকি দেখা পায়। তাইৰ মনটো ৰোমাণ্টিক হৈ পৰিল।সোনাই অনিন্দ সুখৰ মুখখন এবাৰ দেখা পোৱা হ'লে।যি কি নহওক সি যোৱাৰ বাটত তাইক এটা সংকেত দি গৈছে।আৰু এই সংকেতটোৱেই তাইক আচ্ছন্ন কৰি পেলাইছে। আগলৈ,,,,
  
      ✍️ বিটুমণি কোচ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)