কণ কবিতা- দিলীপ কুমাৰ শৰ্মা

©Admin
0
১/
কঁঠাল গুটিৰে 
ধুন্দুলি মিলাই,
খাৰ খাবলৈ
কিযে ভাল ভাই !

২/
লিৰিকি বিদাৰি
মুখৰ দাড়ি,
আৰিয়ে লিৰিলেৰে
ধুইছে গাড়ী। 

৩/
ভোটাই ডেকাই
ভোট এৰা গোটাই,
জুই ধৰিবলৈ দিলে
মাকক যতাই-পিতাই। 

৪/
কোমোৰা-ফুলকলৈ
খোৱা-কামোৰা কৰি,
ভাগিল বেয়াকৈ
ভোমোৰা-মৌৰ ভৰি। 

৫/
টোকোৰাৰ বাহ
তামোলৰ আগত,
পুৱা-গধূলি হয়
মুখৰ কোৰ্হালত। 

৬/
ওলোৱাত ৰ'দ
মূৰ্তিলৈ খাওঁ খাওঁ,
ঘৰতে সোমাই
থাকিল ৰাও।

৭/
চকলা টেঙা
টকলা টিঙত,
দুটা ওলোমালোঁ
গৰুৰ শিঙত।

৮/
বাদুলীয়ে কিনি
বাদুলী-সঁচাৰ,
ঢোল কোবাই
কৰিছে প্ৰচাৰ।

৯/
ইটোতকৈ 
সিটো চাৰ,
খোজ কাঢ়ি
হ'ল নৈ পাৰ। 

১০/
চুকৰ ভেকুলী
বুকত উঠিল,
মইনাৰ চিঞৰত
গগন কঁপিল।

১১/
বিলত থকা
বগলী ভকত,
নিৰামিষহি খালে
পৰি খঁকত।

১২/
ধনাই মনাই
আহি ঘনাই,
আনৰ কথা
আইক জনায়।

১৩/
ধৰিবলৈ ফৰিং
পাতিলোঁ ছিটিকা,
সকলোৱে দিলে
ফৰিং-ছিটিকা।

১৪/
অকৰাই খাই
জকৰা ভাত,
মৈত উঠিল
লগাই মাত। 

১৫/
শিৱসাগৰ জয়সাগৰ
আৰু আৰব সাগৰ,
ক'ব পাৰিবানে ক'ত
আছে অথাই সাগৰ? 

১৬/
জোনাইলৈ গৈ
অমুক-তমুক,
আনিলে এমোনা
জোনাই শামুক।

১৭/
জেতুলি পকা
গাড়ীৰ চকা,
লাখুটি লোৱা
আমাৰ ককা।

১৮/
জেউতিয়ে চৰাই
গিয়ানৰ জেউতি,
স্কুলত কৰি আছে
নিয়মিত ডিউটি।

১৯/
জুপুৰিত ভাজি
এমোনা পুৰী,
খুৰী পালেগৈ
কালিয়ে পুৰী।

২০/
কেঁকোৰাই খুলি
চেলুন বননিত,
চেপেনাৰে কাটে
চুলি অগণিত।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)