কুমলিয়া যৌৱন- ভাগ্যশ্ৰী বিনীতা

©Admin
0
অ যৌৱন,
বুলাই দে তাইৰ বিজুলি চকুজুৰিত
তোৰ কোমল আঙুলিৰ পৰশ . . .
সাৰ পাই উঠক তাইৰ,
দেহৰ ভাজে ভাজে
যৌৱনৰ অগণণ পোহৰ . . .

গছে বনে পাহাৰৰ শিখৰে-শিখৰে
ন বসন্তৰ কুমলিয়া মাতত . . .
তাইৰ দেহত ফুলি উঠিব
যৌৱনৰ মিঠা আলিঙ্গন . . .

কুঁৱলি আঁতৰাই পাহি মেলিব
তাই দেহত . . .
যৌৱনৰ এপাহী আলসুৱা 
তেজৰঙী ফুল . . .

অ যৌৱন
বুলাই দে তাইৰ, বিজুলি চকুজুৰিত
তোৰ কোমল আঙুলিৰ পৰশ . . .

তোৰ পৰশত তাইৰ 
ঘামে তিতা কোমল দেহত 
জ্বলি উঠক আলোকৰ উজ্জ্বল সূৰ্য।।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)