এজাক বৰষুণৰ কবিতা- ভাগ্যশ্ৰী বিনীতা

©Admin
0
"দূপৰবেলা 
অন্ধকাছন্ন আকাশত
মেঘৰ গুম গুমনি . . .

ক্ষন্তেকতে এজাক ধুমুহাৰ আগমন

মইয়ো বিচনাতে 
চিলমিল টোপনিত বাগৰ সলালো . . .

হঠাৎ সাৰ পাই 
খিৰিকীখন খুলি দেখো

কিনকিনিয়া বৰষুণ জাকত
এজাক চৰাইৰ কোলাহল . . .

মইয়ো তাকে দেখি 
একে ঠিৰে চাই ৰ'লো. . .

বৰষুণৰ টোপালবোৰ স্পৰ্শ কৰি
নিজকে মৌন হৈ ভাবিলো . . .

সেউজীয়াৰ মাজত 
মইয়ো কিজানি বিলীন হলোঁ

বতাহ, বৰষুণ, মেঘৰ গাজনিৰ স্পৰ্শত . . .

মোৰ অভিলাষী মনৰ মাজত
বিচাৰি পালোঁ . . .
জীৱনৰ সেউজীয়া আভা . .  
 
এইয়া সন্ধিয়া অহা
এজাক বৰষুণৰ কবিতা ।।
           
              ✍️ভাগ্যশ্ৰী বিনীতা
                

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)