বানপানী - যুৱৰাজ বাচকোটা

©Admin
0
বাৰিষা বৰষুণৰ বতৰ
বৰলুইত বাৰিষাতে বাঢ়ে
বৰষুণ বৰলুইতৰ বাবে 
বানপানী বিভীষিকা!!

বছৰে বছৰে বানপানীয়ে
বস্তি বাকৰী বন বুৰাই
বিষাক্ত বেমাৰৰ বীজেৰে
বিভিন্ন বিপদ বুলায় !!

বানপানীত বৰমূৰীয়া বোলাজনে
বস্তাই বস্তাই বিপদগ্ৰস্থক
বিভিন্ন বস্ত বাহানি বিলাবলৈ
বাকৰীত বাহৰ বনায় !!

বাহৰতে বগলীবোৰে বৰশী বায়
বৰশীত বৰালী বিন্ধে
বা: বা: বা: বানপানীৰ বৃহৎ বুৰঞ্জী !!!

বাতৰিৰ বাৰ্তা বাহক বাহিনী
বৰ্তমান বৰ ব্যস্ত 
বিপ্লৱীবাদেৰে
বিৰাট বিধ্বংসী বিকৃত বিভেদকামীৰ
বিৰুদ্ধে বাতৰি বিলাবলৈ।

      ✍️যুৱৰাজ বাচকোটা
      

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)