সংগ্ৰাম জীৱনৰ আন এটি নাম - ছেলিমা বেগম

©Admin
0
জীৱন মানেই সংগ্ৰাম ,
এই জীৱন বৰ অনুপম 
জীৱনৰ প্ৰতিটো মুহূৰ্ততে 
ধৈৰ্য্য ধৰি থাকিব লাগিব ৷
জীৱনৰ চৌদিশে সৌন্দৰ্যৰে ভৰপুৰ, 
জীৱনটো বহুতো মূল্যৱান ৷
জীৱনৰ প্ৰতিটো খোজতে 
ঘাত- প্ৰতিঘাত থাকে, 
ঘাত-প্ৰতিঘাত নেওচি 
আমি আগুৱাই য়োৱাটো সুখৰ জীৱন।
জীৱনৰ চৌপাশে থাকে 
সুখ-দুখ, হাঁহি-কান্দোন, এন্ধাৰ-পোহৰ ৷
এই জীৱনৰ লগত বহুত সংগ্ৰাম কৰি কৰি
আমি নতুন যাত্ৰা কৰিবই লাগিব।
অন্ন-বস্ত্ৰ, বাসস্থানৰ বাবে 
জীয়াই থাকিবলৈ হ'লে 
জীৱনৰ লগত সংগ্ৰাম কৰিবই লাগিব।
জীৱন নামৰ কাগজখনত লিখা নাথাকে 
নিজৰ নিজৰ ভাগ্য।
জীৱনৰ বাটত সংগ্ৰাম কৰিলে 
ভাগ্যই আহি নিজেই ধৰা দিয়ে।
কৰ্মই ধৰ্ম, সৎ কাম কৰি যোৱা... 
জীৱনৰ বাটত পিছলি নপৰিবা।
মৃত্যুক আগত ৰাখি 
যোৱা জীৱনৰ লগত সংগ্ৰাম কৰি।
মৃত্যুৱেই জীৱনৰ কৰুণ পৰিণতি,
জীৱনৰ লগত অহংকাৰ নকৰিবা
“জীৱনৰ আন এটি নাম সংগ্ৰাম।“
                          
✍️ছেলিমা বেগম 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)