এয়া যে সময় - নীল প্ৰজাপতি

©Admin
0
হৃদয়ৰ মৌন সমদলত
ৰিক্ততাৰ ধাৰাল সোঁত, 
বিচাৰি হাবাথুৰি খোৱা 
প্ৰথম প্ৰেমৰ কবিতা কবিতা লগা অনুভৱ! 

পুৱাৰ বৰষুণজাকত 
নাপালোঁ সেই মাদকতা, 
মিঠা হাঁহি মিঠা অস্থিৰতা, 
সাহস প্ৰতিশ্ৰুতি দিয়াৰ ! 

এতিয়া যে সময় 
আহৰি নোপোৱাৰ, 
ব্যস্ততাৰ কৌণিক লেখ জোখ 
লাভ লোকচানৰ আধালিখা দস্তাৱেজ! 

হাৰি যোৱাৰ ভয় 
নোপোৱাৰ নে হতাশাৰ? 
এতিয়া যে সময় 
এৰি অহা অতীত ৰোমন্থনৰ! 

                
✍️নীল প্ৰজাপতি 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)