শিঙৰাই আনি
ডাঙৰ ডাঙৰী,
একেবাৰতে
পৰিল ভাগৰি।
২/
অহুৱে কথাটো
পহুৰ কাণে শুনি
সমনীয়াৰে আছে
কালিৰে পৰা গুণি।
৩/
দুজন দেৱতা
অৰুণ বৰুণ,
বিতুষ্ট হ'লেই
অৱস্থা কৰুণ।
৪/
বিয়াত পিন্ধিম
আইৰ ৰিহা,
দেচোন মোক
পিন্ধাৰ দিহা।
৫/
দোকমোকালিতে
কৰি কাবৌ-কোকালি,
কালীৰ পৰা কালি
আনিলোঁ কালি।
৬/
আজে-বাজে কথা
এটাও নকৈ ৰাজে,
পুৱাই মাকৰ মতে
বাচনকিটা মাজে।
৭/
ন কৈ নকৈ
এটাও বতৰা,
তৰাই নিলে
ঢেঁকীৰ কতৰা।
৮/
শিকো বুলি
সা ৰে গা মা,
ভাৰত পালেহি
ভাস্কো ডা গামা।
৯/
লনীয়ে কৰি
ডলাৰে সলনি,
ডলীৰ পৰা
আনিলে চালনী।
১০/
মুনিচুনি বেলি
পালৰ গৰুলৈ
ঘৰলৈ ঘূৰিছে
ৰঙতে কিৰিলিয়াই।
১১/
উধানত তুলি
ধানৰ কেৰাহী,
জুই দিয়াত
ব্যস্ত বু মাহী।
১২/
বৰাই গঢ়াই
সোণৰ খাৰু,
চাৰুক দি
খালে লাড়ু।
১৩/
চুৰ কৰি
গুড় খাই,
তলমূৰীয়া
শাস্তি পায়।
১৪/
কেনকেনীয়া বৰষুণ
গেলগেলীয়া বতৰ,
ৰক্ষা পোৱা নাই
প্ৰাৰ্থনা কৰিও কাতৰ।
১৫/
জোনাক শিয়ালে
মোহাৰি নাকটো,
খেদিলে অৰণ্যত
শহাৰ জাকটো।
১৬/
ৰূপহী পখিলাই
দুপাখি কোবাই,
ফুলৰ চুপহি
চুই থৈ যায়।
১৭/
শল শাল গৰৈ
শিঙি মাগুৰ,
ভৰা খালটো
ভালকৈ আগুৰ।
১৮/
ভৰা খালৰ
থিয় গৰা,
পাৰৰ গছ
সকলো মৰা।
১৯/
পাতি হাঁহে
হাঁহি-মাতি
অংক কৰে
ফলিত পাতি।
২০/
কপৌৱে বিচাৰি
মৌৰ জোল,
হাবিত জনালে
বজায় ঢোল।
✍️দিলীপ কুমাৰ শৰ্মা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ