সপোন কেৱল মোৰেই ভাগিবনে - দৃলীনা দাস

©Admin
0
মোৰ মাৰ হিয়াত মোৰ দেউতাৰ প্ৰতি
থকা অনুভূতি কণ 
মোৰ তোমাৰ প্ৰতি জাগে !

নাজানো ,
ৰাতি কেতিয়াকৈ পুৱাই

আকাশ খনেও দেখোন
ওন্দোলাই  আনিব খুজিছে 
পাহাৰী কন্যাই আহি যেন
বুকু থেকেচিবহি।

লগন উকলি যাব
বালিঘৰ ভাগি যাব
তুমি 
মই
একো নোকোৱাকৈয়ে সামৰিম জীৱন
সপোন কেৱল মোৰেই ভাগিবনে !
    
✍️দৃলীনা দাস।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)