এই নিখিল জগত প্ৰভু পৰমেশ্বৰৰ এক অপূৰ্ব আৰু মহৎ সৃষ্টি ৷ এই জগত খনত সমস্ত প্ৰাণীৰ ভিতৰত ইশ্বৰৰ সৃষ্ট একমাত্ৰ মানুহেই হৈছে জীৱশ্ৰেষ্ঠ প্ৰাণী ৷ ইশ্বৰৰ সৃষ্ট উৰণ, বুৰণ,গজন, গমন এই চাৰিবিধ জীৱৰ ভিতৰত আহাৰ,নিদ্ৰা,মৈথুন,ভয় চাৰিবিধ সহজাত প্ৰবৃত্তি ৷ এই বিলাকৰ ভিতৰত মনুষ্যক শ্ৰেষ্ঠতৰ বুলি কলে তাৰ কাৰণ হ'ল ----সৃষ্টিকৰ্তাই মনুষ্যক এটি অমূল্য সম্পদৰ গৰাকী কৰি ৰাখিছে সেইয়াই হ'ল মানুহৰ "বিবেক" ৷ এই বিবেকৰ দ্বাৰাই মানুহে ন্যায়,অন্যায়,সত্য,অসত্য,উচিত,
অনুচিত বিচাৰ তথা ভাৱৰ প্ৰকাশ ঘটাৱ পাৰে ৷ মনুষ্যৰ বাদে অন্য প্ৰাণীৰ এনে বিচাৰ বুদ্ধিৰ সক্ষমতা নাই ৷ মানুহ জন্মৰ পৰা মৃত্যুৰ মুহুৰ্তলৈ কৰ্মৰত হৈ থাকে ৷ মনুষ্যত্ব জীৱনত কৰ্মহীন হৈ কোনো থাকিৱ নোৱাৰে ৷ জড়বাদী কৰ্ম আৰু আধ্যাত্মিক কৰ্ম এই দুই ধাৰাই মনুষ্যই জীৱনৰ কৰ্মত আগবাঢ়ি গৈ থাকে ৷
বিজ্ঞান আৰু বিভিন্ন কলাকৃষ্টি সমূহৰ লগত জড়িত থকা কৰ্মবোৰ প্ৰকৃতাৰ্থত জড়বাদী কৰ্ম বুলি অভিহিত কৰা হয় ৷ এক কথাত কৱলৈ গ'লে ভগৱান বা পৰম শ্ৰেয়ৰ প্ৰীতিৰ অৰ্থে কৃত কৰ্মৰ বাবে অন্য সৰ্বাধিক কৃত কৰ্ম কৰাকে জড়বাদী কৰ্ম আখ্যা দিৱ পাৰি ৷
অন্যহাতে ঈশ্বৰৰ সম্বন্ধে আলোচনা থকা গ্ৰন্হ অধ্যয়ণ,সাধনা,ঈশ্বৰৰ লীলা গুণ কৰ্মৰাজি লগত যি নাচ,গান,গীত আদি জড়িত কৰ্ম সমূহ সমূহেই হ'ল আধ্যাত্মিক কৰ্মৰ সংজ্ঞা বুলি মহাপুৰুষ তথা শ্ৰীগুৰু শংকৰদেৱে তত্ত্বপূৰ্ণভাৱে কৈ গৈছে ৷ জড়বাদী কৰ্মবোৰ জীৱনৰ বিয়লি বেলাত দুখ:দায়ক আৰু এইবোৰে সংগবিহীন কৰি তোলে ৷ কিন্তু আধ্যাত্মিক কৰ্মই অনাবিল আনন্দৰে পৰিপুষ্ট এক সুখ দান কৰে,জীৱনৰ শেষৰ কালচোৱাত ই পৰম সুখ প্ৰদান কৰে ৷ মৃত্যুৰ মূহুত্ব বেলাত ই এক অমৃত সম তৃপ্ততা প্ৰদান কৰে ৷ ইয়াৰ ভিতৰত হৰিনাম হ'ল আধ্যাত্মিক কৰ্মৰ আধাৰ স্বৰূপা ৷ এই হৰি নামতেই এক ঈশ্বৰীয় শক্তি,'ন'- বিধ আনন্দ নিহিত হৈ আছে ৷ য'ত ভক্তিৰ নৌকাৰে অপাৰ ব্ৰক্ষ্মৰ পাৰত নিজক বিচাৰি পাৱ পাৰি ৷
আমাৰ অসমীয়া সমাজখনত নামঘৰ হৈছে এক পবিত্ৰ অনুষ্ঠান। নামঘৰ মানে প্ৰকৃততে ‘নাম’ৰ ঘৰ। য'ত পবিত্ৰ মনেৰে নাম লোৱা হয়। য'ত পবিত্ৰ মনেৰে শ্ৰৱণ কীৰ্তন কৰা হয়। অপবিত্ৰ মন এটি লৈ মানুহে নামঘৰলৈ কেতিয়াও নাযায়। সেয়েহে নামঘোষাত কৈছে- পৰম ব্ৰহ্ম ভগৱন্ত ঈশ্বৰক প্ৰকাশ কৰা। নামঘৰত এক শৰণ হৰিনাম ধৰ্মৰ ভকতসকলে মণিকূট সাজি গুৰুৰ আসন প্ৰতিষ্ঠা কৰি পৰম ব্ৰহ্ম ভগৱন্ত ঈশ্বৰ শ্ৰীকৃষ্ণৰ নাম লৈ ভকতে শ্ৰৱণ কীৰ্তন কৰে নামঘৰত। মহাপুৰুষজনাই প্ৰতিষ্ঠা কৰা নামঘৰৰ প্ৰধান উদ্দেশ্য আছিল ধৰ্ম প্ৰচাৰ কৰা, সাহিত্য, কলা-কৃষ্টি, শিল্প-সাহিত্যৰ বিকাশ সাধন কৰা, সংগীত, চিত্ৰ-নাট্য, নৃত্য-গীত, ভাওনা, বিভিন্ন কলাকৃষ্টিৰ অনুশীলন, অনুসন্ধান, গৱেষণা কৰা আৰু এই বিলাক উত্তৰ পুৰুষলৈ সংৰক্ষণ কৰি ৰখা। এই নামঘৰতে নাম প্ৰসংগৰ লগতে ভাওনা আদি অনুষ্ঠিত কৰি গাঁৱৰ ৰাইজক একগোট কৰি ৰাখিবলৈ সহজ তথা সক্ষম হৈছিল। লগতে গাঁৱৰ ৰাইজৰ মাজত কলা-কৃষ্টিৰ প্ৰশিক্ষণ দিবলৈও নামঘৰত অতি সহজ হৈছিল। সেই কাৰণেই আমি নামঘৰক অতি পবিত্ৰ আৰু গ্ৰাম্য আদালত বুলি ক’ব পাৰোঁ। তদুপৰি নামঘৰ হ’ল অসমীয়া জাতীয় ঐক্যমঞ্চ, সংস্কৃতিৰ ৰংগমঞ্চ, সংগ্ৰাহালয়, পুথিঁভৰাল আৰু চমুকৈ আমি নামঘৰক বিজ্ঞান আৰু আধ্যাত্মিকতাৰ এখন মুক্ত বিদ্যালয় বুলি গণ্য কৰিৱ পাৰো ৷
(বিভিন্ন তথ্য আৰু লিখনিৰ সহায় লৈ)
✍🏾 জ্যোতিষ্ক বৰুৱা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ