লিখো বুলিও লিখা হোৱা নাই এটা কবিতা।
অথচ বহু ৰাতি গুছি গৈছে ,
যাও বুলিয়েই,
উজাগৰী বাটে।
লালকাল টোপনিয়ে বহু ৰাতি জিৰাইছে শিতানত ,
অথচ আন্ধাৰ ৰাতি কোনো দিনেই লিখা হোৱা নাই
জোনাকী পৰুৱাৰ সৈতে জিলমিল- ছিলমিল পোহৰৰ কবিতা।
বহু আবেলি গুছি গ'ল,
অথচ কোনোদিনেই কোৱা নহ'ল,
ৰৈ যা আবেলি খাই যা ভাত।
বহু পুৰণি এই নগৰ,
গাওঁ গুছি নগৰ সৃষ্টিৰ ইতিহাস বহু শতিকা পুৰণি
অথচ কমা নাই আজিও মানৱতাৰ বজাৰত গাঁওৰ চাহিদা।
বৃদ্ধ ভাৱনাবোৰ আগুৱাই আহিছিল,
বহু দিনৰ আগত,
সপোনবোৰ নাহিল পিছে আজিও।
বহু দিনেই হ'ল অথচ...।
✍️ যিচু শংকৰ দাস
মাজুলী।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ