ৰাতিৰ আাকাশ-কৃষ্ণা মনি ৰাভা

©Admin
0
ৰাতিৰ আকাশখন  ইমান ধুনীয়া
অগণন তৰাৰে ভৰা,
তাৰেই মাজত  জোনটি ওলাই
উজলাবলৈ এই ধৰা।
বাহিৰত বহি  আমি সকলোৱে 
চাওঁ আকাশৰ ফালে,
চাই থাকি থাকি  হেপাঁহ নপলাই
ইমান যে ভাল লাগে।
জোনৰ পোহৰত  বহি লৈ আইতাই
আমাক সাধু কয়,
অযথা সময়  কেতিয়াও আমি
কৰিব নালাগে ব্যয়।।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)