বানৰ এজাক বিভীষিকা-নৱজিৎ নাথ

©Admin
0
ধাৰাসাৰ প্ৰৱল বৰষুণত
নদ -নদীৰ জলপৃষ্ঠাভাগ বৃদ্ধিত;
বানৰ প্ৰৱল বিভীষিকাৰ ফলত
হঠাৎ সৃষ্টি হোৱা প্ৰকৃতিৰ পলয়কাৰী 
 এজাক বান বিভীষিকাত ফলত
ৰ্দিশহাৰা হৈ পৰিল এজাক
নৈপৰীয়া সমাজৰ বিশাল জনতা।।
 
প্ৰকৃতিৰ বিশাল পলয়কাৰী বানে ,
সমাজৰ মধ্যবিত্ত জীৱনৰ মাজত 
কঢ়িয়াই হঠাৎ ভাঙি -চিঙি 
ছিন্ন বিচ্ছিন্ন কৰি পেলালে 
সমাজৰ প্ৰতিটো পৰিয়ালৰ
প্ৰতিটোৰে  এটি দুটি  সপোন আৰু 
এমুঠি আশাৰ অষুত স্বপ্নৰ বতৰাবোৰ। 

সকলোবোৰ মাথোঁ, 
এতিয়া নিশেষ হোৱাৰ দিশত....
 নাই আৰু সেই গোহাৰিটোৰ 
আপোন গৰু-ছাগলীবোৰ ।।
পৰিয়ালৰ আত্মনিৰ্ভৰশীল একমাত্ৰ
 উৎস সেই হাঁহ -পাৰ ,চৰাই বোৰ।। 
জনতাৰ ভোকৰ এমুঠি আহাৰ 
 ভৰাঁলৰ ধানখিনিও অৱশেষত ৰাখিব নোৱাৰিলে সকলো এতিয়া শূণ্যহীন ।। 

এতিয়া চৌদিশে মাথোঁ ,
 পানী আৰু পানীৰে বিননি;
 বানৰে আবৃত এখনি বিশাল সাগৰ।
যেনেই, চাও চৌদিশে বগা আৰু বগা।।

এতিয়া কেৱল মাথোঁ,
হেপাঁহৰ আপোন ঘৰখনৰ মাজেৰে 
তীব্ৰ শব্দৰ‌‌ বেগেৰে পাৰ হৈ গৈছে, 
এখন খৰশ্ৰোতা নদীৰ এখনি উপনদী।
পছণ্ড ঢৌৰ শিহৰণৰ কোবত এতিয়া ৰাস্তাবোৰৰ এখন বিশাল সাগৰ হ'ল।।
প্ৰতিটোৰে সপোনৰ গাঁৱখনিৰ সেই 
কেঁচা আলি–পদুলিবোৰ আজি  
সকলোৰ বাবে চিনাকি যদিও আজি
 এক অচিনাকী এটি পথ হ'ল গৈ।।
 
নাই আৰু এতিয়া আৰু একো নাই ।
সকলো মাথোঁ নিস্তব্দ আজি...?
 একমাত্ৰ নিষ্ঠুৰ নিয়তিৰ  ওচৰত ।
একমাত্ৰ আজি প্ৰকৃতিৰ ওচৰত।।
ঘৰ দুৱাৰো এতিয়াও‌ কেৱল  
এক বিশাল জলমগ্নৰে আবৃত।।

এটুপি বিশুদ্ধ পানীৰ অভাৱত‌ আৰু 
এসাঁজ খোৱাৰ খাদ্যৰ অভাৱত।
আজি প্ৰতিটো বানপীড়িত সমাজৰ 
পৰিয়াল আৰ্তনাদত‌ হ'ল  মগ্ন ।।
চৌদিশে এখন ভয়ানক  
কৰুন দৃশ্যৰ এক  বিননি।।
বানৰে আৱৰা এক বিশাল 
এটি অস্বাস্থ্যকৰজনিত এক 
পৰিবেশৰ বিধ্বস্তমুখী এটি ৰূপ ।।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)