চাকৰি- বিৰাজ বল্লভ নাথ

©Admin
0
চাকৰি এটাৰ বৰ প্ৰয়োজন হৈছিল
সপোন বোৰক আগুৱাই নিবলৈ,
ঘৰখনিক পোহৰাই ৰাখিবলৈ ;
পিতৃ-মাতৃ ভাগৰি পৰিছে
সন্তানৰ বোজা বুকুত লৈ ।
নিবনুৱাৰ গতি স্তব্ধ হৈ পৰিছে,
পৰ্বতময় সমস্যাই বাধা দিছে জীৱনক ।
বুকুত বান্ধি ৰখা এটি মাথোঁ সপোন,
সেয়াও আজি তছনছ কৰে জীৱনে ।
হৃদয় যেন অগ্নিময়,
ভালপোৱাও আজি নিঃশেষ হয় ।
বাগৰিছে দিন, কমিছে আশা
মনটো বন্ধ আজি অন্ধকাৰ কোঠালীত ।
প্ৰমাণপত্ৰ ভৰিছে ফাইলৰ টোপোলাত
এটি মাথোঁ আশা এখনি নিযুক্তি পত্ৰ ।
ৰাতিবোৰ গভীৰ হʼলে
উচুপি উঠে হৃদয় খনিয়ে ।
পুহি ৰখা সপোনে 
কেতিয়ানো মেলিব পাখি
তাকে ভাবি অনিদ্ৰাৰে
পূৰ্ণ আজি জীৱনৰ পৃষ্ঠা ।
এটি মাথোঁ সপোন জীৱন চলাৰ,
এটি মাথোঁ হেঁপাহ জীৱন যুঁজাৰ,
চাকৰি এটাৰ বৰ প্ৰয়োজন হৈছিল ।।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)