মেঘদ্ৰৱ- দৰ্শনা দাস

©Admin
0
বোকা আৰু পানীৰে লেট্‌পেট
বৰ্ষাৰ বতৰ,
জেলুকীয়া বাটত পিছলে
কাণিমুনি সন্ধিয়া।

গছৰ পাতে-পাতে আছে
নুবুজা মনস্তাপ,
তাতে দোঁ খাই খহিব  
ৰঙা পৰুৱাৰ বাহ।

পদূলিৰ বোকা ফেনেকি আহিব
জেলুকীয়া ৰাতি,
সহিতে হিমশীতল বতাহ।

ৰাতিয়ে চুমিব ঘৰৰ মূধচবোৰ
সাক্ষী হৈ ৰ'ব বৰ্ষাৰ প্ৰেমাষ্পদ মেঘদ্ৰৱ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)