ভগ্ন হৃদয়ৰ উচুপনি-নিবেদিতা দাস কলিতা

©Admin
0
 কিয়নো আহিছিলা 
     তুমি মোৰ হৃদয়ৰ পথাৰলৈ?
এমুঠি প্ৰেমৰ কঠীয়া সিচি দিছিলো 
              দুয়ো দুয়োৰে হৈ থাকিম বুলি প্ৰতিশ্রুতিৰে জীপাল 
কৰি তুলিছিলো হৃদয় খন ।
       আজি কিয় আঁতৰি গ'লা?
          কি স'তে মই জীয়াই থাকিম ?
               তোমাৰ অনুভৱে 
    যেতিয়া আমনি কৰিব 
কোনে নিচুকাব মোক?
               ভবাটো নাছিলো 
এতিয়া যোৱাৰ সময় বুলি?
তুমি দিয়া প্ৰতিশ্ৰুতি 
বোৰ পুৰণ হ'বনে?
আহিবা নে আকৌ 
       মোৰ হৃদয়ত গুজ্ঞৰিত কৰিব'লৈ     প্ৰেমৰ কবিতা?
      চকুলো নিগৰি আহে
আলফুলে সাৱতি 
শিতানৰ গাৰুটি  লৈ
তোমালৈ অধিৰ আগ্ৰহেৰে
 বাট চাই ৰওঁ ।
আহিবা নে আহৰি পালে?
আকৌ গীত যুৰিম 
কবিতা লিখিম 
অভিমান কৰিম 
আহিবা! ৰৈ আছোঁ তোমালৈ ।

*নিবেদিতা দাস কলিতা* 
*নলবাৰী*

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)