কৃষ্ণচূড়াৰ এটি মিচিকিয়াই হাঁহি••নৱজিৎ নাথ

Sibani Baruah
0
বসন্তৰ সেউজীয়া সেউজীয়া 
এখন বিশাল আভৰণ পিন্ধি ,
 ৰঙা ৰঙৰে এটি মিচিকিয়া
 মিঠা হাঁহিৰে ৰাজপথৰ দাঁতিত।
হেজাৰ জনতাৰ মনৰ আকুল দৃষ্টি কাঢ়ি কিয়নো বাৰু ফুলিছ ....
তই  কৃষ্ণচূড়া .....?

বসন্তৰ সেই যৌৱনা প্ৰকৃতিত,
তোমাৰ মোহনীয় সৌন্দৰ্যত 
সেউজীয়া বিশাল পৃথিৱীৰ মাজত,
যেনেই চাও , কেৱল 
চৌদিশে তোমাৰে হাঁহি মাথোঁ।
আমি হেজাৰ জনতাই মগ্ন হৈ পৰিছো।
তোমাৰ  মৰমৰ আলফুলীয়া 
এজাক  মিঠা  মিচিকিয়া হাঁহিত ।

তোমাৰ হাঁহিৰ অপেক্ষাৰ অন্তত,
বিভিন্ন জনৰ হৃদয়ৰ দুৱাৰ খুলি
মনৰ উদাসীনতা ভাৱ আতঁৰাই 
এবাৰ মাথোঁ প্ৰাণ থুলি  হাঁহিছো।
বন্ধুত্বৰ লগত অন্তৰংগ আলাপ কৰিছোঁ। 

আৰু এবাৰ আকৌ সেই ৰঙা ,নীলা 
আৰু হালধীয়া এজাক ৰঙীন  
উতনুৱা পখিলাৰ দেশৰ মাজত
এখনি বিশাল সপোনৰ দেশত 
এটা  হেঙুলীয়া দলিচা পাৰি 
ময়ো ৰচিছো, এটি  ৰঙীন  সপোন।
সদায়  এটি মিঠা ৰঙা হাঁহিৰে 
বাউলী বসন্তৰ প্ৰতিটো ক্ষণত
প্ৰাণৰে সদায় জীপাল হৈ থাক।।

✍️নৱজিৎ নাথ
ছিপাঝাৰ,দৰং।।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)