এটি ৰোমান্তিক কবিতা••নিজৰা বৰ্মন ডেকা

Sibani Baruah
0
নিশা উজাগৰে থাকিম
নিজম নিশাৰ নিৰিবিলিবোৰ
কিয় জানো ভাল লগা হ'ল।
ওৰেটো নিশা তোমাৰ অপেক্ষা কৰিম
এখন নেদেখা নদীৰ সিপাৰে
হাতে হাত ধৰি যাম আগুৱাই।
আজি নিশা উজাগৰে থাকিম
তুমি আহিবা দুবৰিৰ দলিচা গচকি
নিয়ৰসিক্ত সৰাপাতৰ বুকুত আঁকিম ভৱিষ্যতৰ ছবি
তোমাৰ উশাহত মিলিত  হ'ব মোৰ উশাহ।
বিনিময় কৰিম ইজনে সিজনৰ মনৰ বতৰা
কৈ শেষ কৰিব নোৱাৰা কথা বোৰ 
পাতি থাকোতেই  ৰাতিৰ কানিমুনি এন্ধাৰত 
ককবকাইচোন হিয়া 
অকটা গোন্ধৰ চাকনৈয়াত 
অথচ কেতিয়াও নহয় শেষ
তোমাক কাষত পোৱাৰ হেঁপাহ।
যোৱাবেলি উজাগৰী দুপৰ নিশা আহিছিলা তুমি 
দুপাৰে থকা দুখন অদৃশ্য প্রাচীৰ নেওচি ,
সাঁচি ৰখা বহু কথা কৰিছিলো আদান প্ৰদান 
কোন কালৰেবা চিনাকি আমি
কোনেও কাকো বুজাব নোৱাৰা সাঁথৰ ।
সেই ৰাতি শেষ হৈ পূৱ আকাশত ভুমুকিয়াইছিল বেলি
নিয়ৰো চাগে লাজত চকু মুদিছিল সূৰুযৰ কিৰণ দেখি
তথাপিও অপূৰ্ণ হৈছিল হৃদয়ৰ ভাৱ বতৰা।
সেয়ে হয়টো আজি নিশা উজাগৰে ৰ'ম,
মোৰ হৃদয়ত পুঞ্জিভূত হৈ থকা
বহু যুগৰ অন্তহীন নিশ্বাসবোৰ
তোমাৰ বুকুত গুজি থোৱাৰ হেঁপাহেৰে বাঢ়িব ধৰিছে লহপহীয়াকৈ ।
বুকুৰ খিৰিকীত ভঙা কাঁচৰ টুকুৰা হৈ ওলমি থকা মৰমবোৰ 
ভাবিছোঁ বোৱাম মই শাওণৰ বৰ্ষাৰ ঢল 
যদিও দূৰৈৰ সীমনাত তোমাৰ ঘৰ ।

  ✍️ নিজৰা বৰ্মন ডেকা।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)