কোনে সহিব তোৰ দুখৰ বেদনা?
পাৰিবি জানো সহিব
এই দুখৰ বেদনাৰ ঠিকনা।
মাতৃ-পিতৃ দুয়ো হৈ
কৰিলোঁ তোক লালন-পালন,
বিশেষ একো বিচৰা নাছিলোঁ
বিচাৰিছিলোঁ মাথোঁ এষাৰি মাত।
পালোঁ জানো?
ভাল উপহাৰ দিলি তই
বৃদ্ধাশ্ৰম।।
কিনো ক’ম মই,
অনাচাৰি জীৱনৰ এটা
ক'লা অধ্যায়ৰ কাহিনী।
তথাপিও কওঁ সুখত আছোঁ
উজাগৰি নিশা তোৰ কথা ভাবি
কান্দিব নোৱাৰোঁ?
হাঁহিব নোৱাৰা হ'লো,
এনেকৈয়ে আছোঁ
তোৰ বৃদ্ধাশ্ৰমত।
খবৰ ল'বি এবাৰ
পিতাই কেনে আছে,
কষ্ট পাওঁ বহুত।
আজিও মনত পৰে
ল'ৰালিৰ স্মৃতিৰ কথা।
চকুলো এতিয়াও নিথৰ হৈ ৰ'ল
ভগ্ন হৃদয়খন যে আকৌ ছাৰখাৰ হ'ল।
✍️ৰবীন দত্ত
ঢকুৱাখনা
Good 👍
ReplyDeleteবৰ সুন্দৰ কাব্যিক❤️
ReplyDelete