ভালপোৱাটো স্বাধীন-সূৰজ বৰগোহাঁই

©Admin
0
প্ৰতি পল
যʼলৈকে যাওঁ
তোমাকে বিচাৰি চাওঁ
কিযানিবা এবাৰ দেখা পাওঁ!!

তুমি মোৰ পীয়াহ নহয়
পীয়াহত পী দিলেই পূৰ্ণ হোৱা!
তুমি মোৰ হৃদয়ৰ উমাল বতাহ, সা শীতল
নিবিড়ে অহা-যোৱা কৰা
প্ৰতি ক্ষণ,
তুমি মোৰ হোৱা বা নোহোৱা
মই নাজানো
মোৰ বাবে তুমিয়েই 
হৃদয়ৰ বিশেষজন
আকাশতো তোমাৰ ছবি আকোঁ
ৰামধেনু ৰঙেৰে…

ভাল লগা নহয় 
ভাল পাওঁ
জীৱনে মৰণে
দিঠকত আহিব নোৱাৰিলেও 
সপোনত আহিবা
মই জোৰ নকৰোঁ……

ভালপোৱাটো স্বাধীন
পৰাধীনতা কাৰোঁ কাম্য নহয়…।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)