"সংগ্ৰাম" এখন ছাঁই হোৱা ছবি••কুকী মহন্ত

Sibani Baruah
0
সেই পুৰণি বিষটো 
আকৌ শিপাবলৈ ধৰিছে।
সৌ তাহানিতে বেৰৰ ফাঁকত থোৱা 
ঔষধপালি খাই দমাই থোৱা বিষ যে ।

পিতায়ে দিনটো খাপি আজিও 
খুদকণ এটা গোটাব নোৱাৰিলে,
আইয়ে পিতাইৰ খালি হাতলৈ চাই
চকুলো টুকি পালেঙখনত পৰিলগৈ ।

ভাইটো স্কুললৈ নোযোৱা হ'ল,
যাবনো কেনেকৈ 
তাৰ সেই কামিজটোত পৰা 
এঘাৰ নম্বৰ চিলাইটোও যে 
সুলকি পৰিলে।

পিতায়ে আগৰ দৰে কাম কৰিব নোৱাৰা হ'ল যে,
আমি দেখা সপোনবোৰো হেৰাই গ'ল।
আইৰ চকুযোৰো সকলো সময়তে
তিতি থকাই হ'ল ।

    ✍️কুকী মহন্ত 
            মৰাণ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)