প্ৰিয় কবি ••সূৰজ বৰগোহাঁই

Sibani Baruah
0
নীলা কিয় বাৰু তুমি ইমান ভাল পোৱা?
ময়ো যে আকাশৰ আজন্ম প্ৰেমিক
তুমিও চাগে ...!
কবিতা লিখি ভাল পোৱা 
আকাশলৈ চাই চাই
হাতৰ তলুৱাত থুতৰিটো থৈ
ভাবি আছা চাগে 
আকাশ খন কিয় ইমান ভাল লাগে ?
হয়তো কেতিয়াবা কবিতাৰ শব্দবোৰ
আকাশৰ পৰাই সৰি পৰা যেন লাগিছে...
তুমি সজাই দিছা
আলফুলে মৰমেৰে শুভ্ৰ কপহুৱা দলিচাত....
বহু মানুহৰ সেয়ে চাগে তুমি প্ৰিয় হৈ পৰিছা 
একেদৰে মোৰো
তুমি জানা কবিৰ হৃদয়খন কেনেকুৱা?
তুমি লিখিছা হাজাৰ জনৰ হৃদয়ৰ কথা 
লগতে মোৰো...।
 সেয়ে তুমি মোৰ প্ৰিয় কবি...
 কাহানিবা আকাশলৈ গ'লে 
 মোকো লগ ধৰিবা দেই..
 আকাশৰ সৈতে মোৰো ভাল পোৱা বহু যুগৰ.....
 কবিহে হ'ব পৰা নাই
 অনুভৱী.........।

              ✍️সূৰজ বৰগোহাঁই, ধেমাজি
                                       

            (অনুভৱ অনুৰণন)
বি:দ্ৰঃ- কেৱল আকাশ প্ৰেমিক সকলেই নহয় দেই,এক কথাত প্ৰকৃতি ভাল পোৱা প্ৰতিজন কবিকে মই খুউব ভাল পাওঁ। হিৰুদা, নীলমণি ফুকন, হোমেন বৰগোহাঞি....এইসকল মোৰ সৰ্ব কালৰ সৰ্ব প্ৰিয় কবি..... অৱশ্যে মই নিজে  নিজক অলপো কবি বুলি কব নোৱাৰোঁ
এইবোৰ মোৰ মাত্ৰ অনুভৱহে ।ভাল পাওঁ কাৰণেই মনৰ কথাবোৰ লিখোঁ, ইয়াতে মোৰ বহু ভুল হ'ব পাৰে।।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)