এখনি নীলম পৃথিৱী- নৱজিৎ নাথ

©Admin
0
নীলিম জোনাক মুখত সানি 
নীলা আকাশৰ কলীয়া ডাৱৰৰ 
এখনি নীলা চিঠিৰ সংগোপনে 
এটি নীলাৰঙাৰ মিচিকিয়াই হাঁহিত। 
এমুঠি স্বপ্নৰ মিঠা সুবাসৰ ৰহনেৰে
অভিমানী মোৰ প্ৰিয় সেই নীলা ৰংৰ
 গাঢ়তাক এবাৰ এটি প্ৰশ্ন সুধিলো...??
 
এই নীলা ৰঙৰ আৱৰণৰে আবৃত
এই নীলিম মোহনীয় বৰ্ণিল 
পৃথিৱীখন কাৰ বাবে নো বাৰু...!
জানিব পাৰিম নে বাৰু নীলা …...?
প্ৰশ্নৰ শিতানত এটি উত্তৰ মাথো;
এয়া কেৱল সদায় তোমাৰ বাবে.....!
তোমাৰ জীৱনৰ সফলতা আৰু ।
 অনাবিল আনন্দৰ প্ৰাপ্তিৰ বাবে।।
এখনি বিশাল মৰমৰে উপহাৰ দিয়া 
 এখনি মায়াসনা নীলা দলিচাৰ আৱৰণ।।
  
তোমাৰ লাজুকী মিচিকিয়াই হাঁহিত 
বাৰিষাৰ উম্মাদ মাদলৰ মাজতো,
শাওনৰ সেউজীয়া সেউজীয়া পথাৰত 
কৃষকৰ সেউজীয়া এমুঠি সপোন।।
নীলা দুটি ওঠত মৌনতাৰ মিঠা হাঁহিয়ে 
প্ৰতিজন কৃষিজীৱি কৃষকৰ মাজত 
ভাগৰুৱা এখনি শুকান হৃদয়ৰ মাজত 
 প্ৰতিজন কৃষকৰে প্ৰতিটোৰে আবেগ
  আৰু আশাৰ এমুঠি টোপাল বোৰ ।
  সদায় প্ৰাণৰে আলোকৰ সুবাসৰে
  সেউজীয়া হৈ জীপাল হৈ উঠে।।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)