হাঁহিতে মৰহি গৈছে-সাজিদুৰ ইছলাম

©Admin
0
এপাহি গোলাপে মোলৈ চাই হাঁহিছে
মোলৈ তোমাৰ অনুভূতিৰ কথা সোৱৰিছে,
 হাঁহিটোৱে মোকো হাঁহিবলৈ প্ৰেৰণা দিছে
গোপন অভিসাৰটোক অনুভূতিয়ে আৱৰিছে।
কিন্তু,
  এয়া কিহৰ হাঁহি নো ?
সুখৰ ছাঁয়ে আৱৰি ৰখা মৰমৰ হাঁহি ,
নে বিষাদৰ ছাঁয়ে আৱৰি ৰখা  ইতিকিঙৰ হাঁহি ?
 চাগে এয়া অভিমানৰ হাঁহি   
এয়া নিশ্চয় তাইৰ অভিমানী হাঁহি,

চাগে তাইয়ো হাঁহিছে মোৰ পৰিস্থিতিক লৈ
   তাই ও হাঁহিছে নিজৰ অসমৰ্থতাক লৈ
চাগে সোণালী অতীতক তাইয়ো সোৱৰিছে,
তাইয়ো নিৰাশ হৈছে , 
 মৰমসনা কিছু অনুভূতিৰ পৰশ সানি 
তাইক যে তোমাৰ দুহাতত তুলি দিব পৰা নাই ,
তাইয়ো চাগে সেইবাবে হাঁহিছে
তাইৰ নিৰাশা আৰু মোৰ 
আধৰুৱা সপোনবোৰক লৈ তাই হাঁহিছে, 
আৰু সেই হাঁহিতেই মৰহি গৈছে তাই 
আৰু মই .........?
            মই জানো জীয়াই আছোঁ .....।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)