বৰ্বৰ ৰাজনীতি- সূৰজ বৰগোহাঁই

©Admin
0
জীৱন অস্থিৰতাৰে আগবাঢ়িছে
মানুহে মানুহৰ সৰল হৃদয়খন নুবুজি
স্থূল হৈ পৰিছে মানুহৰ আত্মিক সম্পৰ্ক
প্ৰয়োজন পূৰাবৰ বাবেই যেন মানুহৰ আজি
ইমান ব্যস্ততা ইমান আয়োজন
যি আয়োজনে মানুহক অমানুহলৈ ৰূপান্তৰিত কৰিছে 
টকাই সুখ আনে বুলি ভবা প্ৰতিজন ব্যক্তিয়েই
সমাজখনক কোনোবা নহয় কোনোবা দিশৰ পৰা 
নষ্ট কৰি আহিছে
বৰ নেতাই স্বাৰ্থ আগত ৰাখিয়েই ৰাইজৰ ক্ষমতা নিজৰ কৰে
ৰাইজক সুৰক্ষা দিয়া ক্ষমতাই ৰাইজক ধ্বংস কৰে
বিভেদকামী ৰাজনীতি
বৰনেতাৰ মুখত ছলাহী ভদ্ৰতা
আৰু কিমান শুনিবা জনগণ?
উলংঘিত নাৰীৰ সহস্ৰ কাহিনী 
এদল পশুৰ অভিযান দেখিও
দেশৰ বৰ নেতাই থাকে কিয় মৌন হৈ ? 
শান্তি বিচৰা ৰজাই আজি 
কূটনীতি ৰাজনীতিৰ পাকচক্ৰত পৰি
উপায়হীন নি?
ক'ব কোনে সেই গোপন সত্যবোৰ?
যিবোৰে শতদিন মানুহক অনিশ্চয়তাৰ চক্ৰত আবদ্ধ কৰি ৰাখিছে!
হয়তো উত্তৰহীন হৈয়ে ৰব হাজাৰ জনতাৰ প্ৰশ্ন!
যেতিয়ালৈকে এই কূটনীতি ৰাজনীতি চলিয়ে থাকিব…

সেয়ে সজাগ হওঁক জনগণ
আপোনাৰ এটি সঠিক সিদ্ধান্তই দেশৰ ভবিষ্যত গঢ়িব পাৰে
কিন্তু এটি ভুল সিদ্ধান্তই দেশ জ্বলাইও দিব পাৰে!
কাৰণ ক্ষমতাশালী সকলক ক্ষমতাবোৰ কোনে দিছিল তুলি?


বি:দ্ৰ:- বৰ্তমান সময়ৰ পৰিস্থিতিটোক লৈ লিখাৰ বাবে অতিকে দুখিত। কেতিয়াবা নিলিখোঁ বুলি ভাবিলেও এনে বিৰ্ভৎস অমানুষিক পৰিবেশ দেখিলে নিলিখাকৈ থাকিব নোৱাৰি।জানো আমি লিখিও একো কৰিব নোৱাৰোঁ,যেতিয়ালৈকে জনতাৰ মাজত সচেতনতা নাথাকে।
ৰাজনৈতিক লৈ লিখাৰ বাবে মই ক্ষমা প্ৰাৰ্থী। ভুলবোৰ আঙুলিয়াই দিব যেন।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)