আজি কৰিলোঁ দৃঢ় প্ৰতিজ্ঞা- শিল্পী দাস

©Admin
0
নকৰোঁ আশা
নকওঁ বিষাদৰ বেদনা,
নিজৰ চিন্তা মুক্ত কৰি
আনৰ সুখত ব্ৰতী হ'ম
আজি কৰিলোঁ দৃঢ় প্ৰতিজ্ঞা।
পৰিশ্ৰম,বেদনা,বিষাদেৰে
মৃত্যুৰ বাট আহিলেও,
নাযাওঁ কাৰোবাক ক'বলৈ
হৃদয়ৰ গোপন কথা।
মৰি মৰি জীয়াই আছোঁ
কোনে বুজিব, কাক বুজাম?
সুখৰ সন্ধান বিচাৰি
দুখৰ ভিক্ষা পাওঁ।
দলিয়াই দলিয়াই আঘাত সানে
কিনো ভুল মোৰ,
নাজানো কিমান দিন আৰু
পৃথিৱীখন আপোন হৈ থাকিব।
নোৱাৰিছোঁ হঠাতে যাম গৈ চাগে
মায়াময় পৃথিৱী এৰি,
শত শত সপোন
আধৰুৱা হৈ যাব
কিনো হ'ব মোৰ?

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)