এতিয়া আৰু কবিতা নিলিখো - শিৱানী বৰুৱা

©Admin
0
"এতিয়া আৰু জীৱনক লৈ কবিতা নিলিখো
এটা কাহিনীক মুক্তি দিম ।
এতিয়া আৰু ৰঙাখিনিলৈ অপেক্ষা নকৰো
কুৎসিত এন্ধাৰবোৰকে পোহৰ নামেৰে আদৰিম ।

জীৱনৰ ৰ'দ  কাঁচিয়লিত জীৱনৰ এটি প্ৰতিচ্ছবি বিছাৰি 
পালতৰা নাও খন এৰি দিম 
বৰনদীৰ হেন্দোলনিত  পানীখিনি চাই ৰৈ
সোণোৱালী সূতাৰ সোণবছা কাহিনী ৰচিম।।

ৰৌদ্ৰজ্জ্বলপুৱাৰ এজাক পখীৰ গুণ গুণণিত 
সাৰ পাই উঠা একুঁকি হাঁহিৰে লিখিম 
বতাহত খেপিয়াই ফুৰিবলগীয়া নোহোৱাকৈ
 কেঁচা মাটিত গজি উঠা ,সহজ যেন লগাজটিল শব্দবোৰৰ কাহিনী ।l

এতিয়া কাহিনী লিখিম  
জীৱনৰ , সপোনৰ ,সমাজৰ , হৃদয়ৰ ...!
সুগন্ধি পখিলা হৈ সি সোঁৱে বাঁৱে উৰিব 
সেই সুগন্ধিৰ সুৱাসতে মই  এটি মৃত সত্বা হৈ জীয়াই থাকিম।"

        ✍️শিৱানী বৰুৱা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)