যুৱতী ছোৱালী মই- শিল্পী দাস

©Admin
0
খেলন্ত পুতুলা ভাবি নেখেলিবা
নাৰীজাতিৰ সন্মান লৈ,
উড়ন্ত পক্ষীৰাণী হৈ জন্মিছোঁ
যুৱতী ছোৱালী মই।
বিশ্বব্ৰহ্মাণ্ড বিৰাজকতা
সৃষ্টি-ধ্বংসৰ লীলা কৰ্তা,
নাৰীক ব্যবহৃত অস্ৰ নাভাবিবা
এয়া প্ৰেৰণ কৰিলোঁ সংবাদ বাৰ্তা।
সাবধান হোৱা কাপুৰুষজাত
আমি নৱজন্মৰ সৃষ্টিৰে সাহসৰ প্ৰতীক চিহ্ন,
যুৱতী ছোৱালী মই
দৰকাৰত দেহৰ অংশ কৰিম তন্ন তন্ন।
শত শত বিষাদৰ পীড়িত বেদনাই
পৃথিৱীৰ সান্নিধ্য লাভ কৰিছা,
লজ্জিত,লোভীত, মূৰ্খ মনেৰে
তাৰে অংশক ধৰ্ষণ কৰি আছা।
জ্বলন্ত অগ্নিত ভৰি দি
পাপী কৰ্মৰে তৃপ্তি মিটাইছা,
মোৰ তেজৰ শক্তি উন্মাদ কৰি
জীৱনত মূৰ্খামীৰ ভাৰ হাতত লৈছা।
যুৱতী ছোৱালী মই
আত্মসন্মানৰ বাবে পিছুৱাই নহয়
আগুৱাই যাব পাৰি,
আমি অন্যায়ক নকৰোঁ ভয়।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)